নলবাৰীৰ ভাষা আৰু নাৰীক তাচ্ছিল্য কৰা যুৱকৰ বিৰুদ্ধে আকৌ ৬খনৈ এজাহাৰ দাখিল

62

যোৱা ২৪ মে’ত নলবাৰীৰ ভাষা আৰু নাৰীক তাচ্ছিল্য কৰি ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা ধ্যানজ্যোতি ডেকা নামৰ যুৱকজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইটোৰ পিছত সিটো দল-সংগঠন তথা সচেতন সমাজ। নিজকে জাতীয়তাবাদী নেতা তথা ছবি জগতৰ সৈতে জড়িত বুলি পৰিচয় দিয়া ধ্যানজ্যোতি ডেকাৰ বিৰুদ্ধে ইতিমধ্যে নলবাৰী থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছিল।

কিন্তু এতিয়া পুনৰ ৬ খনকৈ এজাহাৰ দাখিল কৰা হৈছে এই যুৱকজনৰ বিৰুদ্ধে। আজি নলবাৰী সদৰ থানাত ধ্যানজ্যোতি ডেকাৰ বিৰুদ্ধে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে হিন্দু যুৱ ছাত্র পৰিষদ নলবাৰী সমিতি, হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সমিতি, হিন্দু বীৰ সেনাৰ নলবাৰী সমিতি, হিন্দু পৰিয়াল নলবাৰী জিলা সমিতি, হিন্দু সুৰক্ষা সেনাৰ লগতে বিকি নামৰ এজন যুৱকে।

এজাহাৰ দাখিল কৰি দল-সংগঠনৰ নেতৃত্বই নলবাৰীৰ ভাষা আৰু যুৱতীক ছ’চিয়েল মিডিয়াযোগে অপমান কৰা যুৱকজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।