নলবাৰীৰ নাৰী সমাজক আৰু নলবাৰীৰ ভাষাক তাচ্ছিল্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল

65

২৪ মে’ত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল কৰি ধ্যান জ্যোতি ডেকা নামৰ যুৱক এজনে নলবাৰীৰ যুৱতী আৰু নলবাৰীৰ কথিত ভাষাক তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে আজি নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিলে আন্ত:ৰাষ্ট্ৰীয় কুং ফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ আৰু সচেতন মহিলা সমাজৰ উপাসনা ডেকাই।

উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰি ধ্যানজ্যোতি ডেকা নামৰ যুৱকজনে নলবাৰীৰ যুৱতী আৰু ভাষাক ইতিকিং কৰা পৰিলক্ষিত হৈছিল। তাৰ পিছতে এই যুৱকজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে নলবাৰীৰ সচেতন মহল। নলবাৰী ভাষাক তুচ্ছ তাচ্ছিল্য কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ভিডিঅ’ ভাইৰেল কৰা যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সচেতন সমাজে।