Skip to content
দুৰ্গা পূজাৰ সামৰণিৰ পিছত বিজয়া দশমীৰ দিনা মঙ্গলবাৰে পশ্চিম নলবাৰীৰ।চামতাত শিৱলিঙ্গ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য । নলবাৰীৰ জিলাৰ চামতাত মঙ্গলবাৰে বুঢ়াদিয়া নদীৰ পানীৰ তলত এটি শিৱলিঙ্গ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে। বিজয়া দশমীৰ দিনা মঙ্গলবাৰে পৰম্পৰা অনুসৰি চামতা বেজৰবাৰী আশ্ৰম দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে পৰম্পৰাগত নিয়ম অনুসৰি ধাৰ্মিক শোভাযাত্ৰা কৰি চামতাৰ বুঢ়াদিয়া নদীৰ ঘাটত নদীৰ পানীত প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী সম্পন্ন কৰে।প্ৰতিমা বিসৰ্জনৰ সময়ত এগৰাকী ভক্তৰ ভৰিত কিবা এটা লাগি ধৰাত হাতেৰে তুলি অনিবলৈ বিফল হোৱাত কেইবাজনেও খেপিয়াই চাই পানীৰ ওপৰলৈ তুলি আনি দেখে যে এটি ডাঙৰ শিৱলিঙ্গ । লগে লগে উপস্থিত সকলোৱে আচৰিত হৈ উঠিল আৰু ভক্ত সকলে সেৱা সৎপন কৰি শিৱলিঙ্গ টো চামতা বেজৰবাৰী আশ্ৰম লৈ আনি সেৱা জনাই কাৰ্যালয়ত ৰাখে । এই কথা প্ৰকাশ হোৱাৰ পাছতেই আশ্ৰম খনত নিশা লোকেলোকাৰন্য হৈ পৰে। আশ্ৰম সমিতিয়ে উদ্ধাৰ হোৱা শিৱলিঙ্গ টো সম্পূৰ্ণ ধাৰ্মিক নিয়মৰ জৰিয়তেই মন্দিৰত প্ৰতিষ্ঠা কৰা হ’ব বুলি জানিব দিয়ে । প্ৰায় ত্ৰিশ কি:গ্ৰা: ওজনৰ অতি পুৰণি শিলৰ শিৱলিংগটো বুঢ়াদিয়াৰ বুকুত ক’ৰ পৰা কেনেকৈ আহিল সেই লৈ এতিয়া চৰ্চা চলি আছে ।
Like this:
Like Loading...