বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ গ্ৰহণৰ সময়তে নলবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এজন ঘোচখোৰ লাট মণ্ডলক।
উৎকোচ বিচৰা আৰু নয়ন বৰ্মন নামৰ দালালৰ জৰিয়তে গ্ৰহণ কৰাৰ অভিযোগত টিহু ৰাজহ চক্ৰৰ দেৱাশীষ বৰ্মন নামৰ লাট মণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে।
ইফালে লাট মণ্ডলৰ হৈ ঘোচ লোৱা নয়ন বৰ্মন নামৰ দালাল জনকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।
