নলবাৰীত গ্ৰীন ভেলী ৰুৰেল ডেভলপমেন্ট ছ’চাইটিৰ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

94

আইদুল হুছেইন, নলবাৰীঃ সমগ্ৰ দেশতে কোভিড-১৯য়ে মহামাৰী ৰূপ ধাৰন কৰিছে। ইজনৰ পিছত সিজন লোক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লবলগা হৈছে। এই পৰিপ্ৰেক্ষিতত সকলোকে সজাগ সচেতন কৰা আৰু কোভিড-১৯ক প্ৰতিহত কৰাৰ বাবে চৰকাৰে ইতিমধ্যে বিভিন্ন নীতি-নিয়ম বান্ধি দিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুৰুবাৰে নলবাৰী জিলাৰ অন্তৰ্গত কঠালবাৰীৰ অন্যতম বেচৰকাৰী সংস্থা গ্ৰীন ভেলী ৰুৰেল ডেভলপমেন্ট ছ’চাইটিয়ে বিনামূলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰে।

সংস্থাটোৰ সভাপতি মনোজ ৰাজবংশীয়ে কয় যে, কোভিড-১৯ৰ এই কাল সংহাৰী ৰূপ ধাৰণ কৰাত বৃহত্তৰ কঠালবাৰী অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা হাতত লোৱা হৈছে। মাস্ক আৰু চেনিটাইজাৰ সংস্থাটোৱে আজি ৫দিন ধৰি ৰাইজৰ মাজত বিতৰণ কৰি আহিছে বুলি জানিব দি চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম জনসাধাৰণক মানি চলিবলৈ আহ্বান জনায়।