নন্দীগ্ৰামত পিছ পৰি ৰৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

59

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি অব্যাহত আছে। ৰাজ্যখনত তৃণমূূল কংগ্ৰেছ যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হ’লেও নন্দীগ্ৰাম বিধানসভা সমষ্টিত পিছ পৰি ৰৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

ৰাজ্যখনৰ মুঠ ২৯৪টা সমষ্টিৰ ভিতৰত ১৮৭ খনতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ১০০ খন আসনত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।

উল্লেখ্য যে, নন্দীগ্ৰাম বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুভেন্দু অধিকাৰীক জয়যুক্ত কৰাবলৈ উঠিপৰি লাগিছিল প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহকে ধৰি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকল। প্ৰথমবাৰলৈ এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মমতা বেনাৰ্জীয়ে। এই মুহূৰ্তলৈকে প্ৰায় ৭ হাজাৰ ভোটৰ ব্যৱধানত সমষ্টিটোত পিছ পৰি ৰৈছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।