নন্দিতাৰ হত্যাকাৰী ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত

110

ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা আহত হৈছে আৰক্ষীৰ গুলীত। আৰক্ষীৰ পৰা ৰিভলভাৰ কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে ৰিণ্টু শৰ্মাক লক্ষ্য কৰি গুলিচালনা কৰিবলৈ বাধ্য হয়।

যাৰ ফলত আঘাতপ্ৰাপ্ত হয় অপৰাধী ৰিণ্টু শৰ্মা। বৰ্তমান অপৰাধীজনক হাস্পতালত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে এপষেক পূৰ্বে ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু সহপাঠী কস্মিতা দত্তক ৰাজপথত দাৰে আক্ৰমণ কৰিছিল কলেজখনৰে এজন কৰ্মচাৰীয়ে। এই ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা নন্দিতাৰ পিছত হাস্পতালত মৃত্যু ঘটিছিল।