নদীদ্বীপ উমানন্দত মহাশিৱৰাত্ৰী উদযাপন

54

আজি দেবাদি দেব মহা শিবৰাত্ৰী । ৰাজ্যৰ ঐতিহাসিক দেৱালয় সমুহৰ সমান্তৰালকৈ নদীদ্বীপ উমানন্দতো উদযাপিত হৈছে মহাশিবৰাত্ৰী । মহাদেবৰ তপ ভঙ্গ কৰা কামদেবক ভষ্ম কৰি উমা পাৰ্বতীৰ মিলন হৈছিল এই স্থানত । যাৰ বাবে  এই নদী দ্বীপৰ নাম উমানন্দ ।

শাক্তপীঠ উমানন্দত উলহ মালহৰে উৎযাপিত হৈছে মহা শিবৰাত্ৰী ।গুৱাহাটী ওজান বজাৰৰ পৰা আভ্যন্তৰীণ জল পৰিবহন বিভাগে ফেৰীৰে ভক্ত দৰ্শনাৰ্থীক পাৰাপাৰ কৰাৰ লগতে নদী আৰক্ষী আৰু দুৰ্যোগব্যবস্থাপনা বিভাগে ভক্ত দৰ্শনাৰ্থীৰ সেৱা আগ বঢ়াইছে । নিশা চাৰি প্ৰহৰ পূজাৰে ভোলানাথক আৰধনাৰ অন্তত পুৱা আমিষ ভোগৰ ব্যবস্থা কৰা হয় । মন্দিৰ   পৰিচালনা সমিতিসৰ্বতো প্ৰকাৰে সেৱা আগবঢ়াবলৈ সাজু হৈছে  ।