নতুন SOP: ৰাজহুৱা সভাত ২০০জনৰ উপস্থিতিত অনুমতি, বন্ধ থাকিব আন্তঃজিলা যাতায়ত

190

ৰাজ্যত আজি ঘোষণা কৰা হল নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে নতুন SOP ঘোষণা কৰে। নতুন SOP অনুসৰি ৰাজ্যজুৰি এঘণ্টা শিথিল কৰা হৈছে নৈশ সান্ধ্য অইন। সন্ধিয়া ৬ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।

ইফালে কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহত ব্যক্তিগত বাহনেৰে আন্তঃজিলা যাতায়তত অনুমতি প্ৰদান কৰা হৈছে যদিও ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। আনহাতে, কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহতো বাহাল থাকিব নিষেধাজ্ঞা।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে, মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে।তাৰ বিপৰীতে প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।

ঠিক সেইদৰে, বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে। নতুন SOP অনুসৰি, কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ। অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।

কাইলৈৰ পৰা প্ৰযোজ্য লবলগীয়া নতুন SOPত এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব। পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা। এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান কৰা হৈছে।

বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীয়ে পাব ক’ভিড পৰীক্ষণত ৰেহাই। অৱশ্যে লগত থাকিব লাগিব একেবাৰে শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ। ৩ বছৰৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব।

ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নাম কীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি। অৱশ্যে ক’ভিড প্ৰট’কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল’ব পাৰিব ভক্তই।