অসমত লকডাউন নহয়। ৰাজ্য চৰকাৰে ঘোষণা কৰা নতুন এছঅ’পি অনুসৰি অসমত নৈশ কাৰ্ফিউ বা লকডাউন প্ৰদান কৰা নহয়। তাৰ বিপৰীতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই ১০০ৰ ঘৰ অতিক্ৰম কৰা জিলাসমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব বুলি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।
আনহাতে চৰকাৰী আৰু অৰ্ধ চৰকাৰী কাৰ্যালয় সমূহত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে কাম কাজ চলাই নিয়া হব বুলিও নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে পাঠদান অব্যাহত থাকিব।
নতুন নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যত বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ। চৰকাৰৰ এই নিৰ্দেশনা ২৩ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ বাহাল থাকিব। উল্লেখ্য যে, অসমত যোৱা ২৪ ঘণ্টাত ১৩শৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে।