নতুন SOP: গৰ্ভৱতী মহিলাৰ ওপৰত থকা শিথিলতা প্ৰত্যাহাৰ অসম চৰকাৰৰ

77

গুৱাহাটীঃ অসম চৰকাৰে শুকুৰবাৰে কোভিড-১৯ৰ জাৰি নতুন এছঅপিত যিকোনো চৰকাৰী, পিএছইউ, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত সংগঠনৰ অধীনত কাম কৰা ৩ বছৰ বা তাতকৈ কম বয়সৰ শিশু থকা মহিলা আৰু গৰ্ভৱতী মহিলা কৰ্মচাৰীৰ বাবে জাৰী কৰা শিথিলতা প্ৰত্যাহাৰ কৰে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) দ্বাৰা জাৰি কৰা এছঅপিত সকলো চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে।

জাননীখনত আৰু কোৱা হৈছে যে ৰাজ্যখনত কোভিড-১৯ৰ পৰিস্থিতি পৰ্যালোচনা কৰা হৈছে আৰু ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

লগতে, ৰাজ্যখনৰ মুঠ যোগ্য জনসংখ্যাৰ ৯৫% লোকে প্ৰথম পালি ভেকচিন লাভ কৰিছে। ৰাজ্যত কোভিড টিকাকৰণৰ স্থিতিও যথেষ্ট উন্নত হৈছে।