সংসদৰ বিশেষ অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হয়। এই অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰণি সংসদৰ ঐতিহাসিক কেন্দ্ৰীয় হলত ভাষণ প্ৰদান কৰে।
কেন্দ্ৰীয় হলত সকলো সাংসদক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি নতুন সংসদ ভৱনত আমি সকলোৱে এক নতুন ভৱিষ্যত আৰম্ভ কৰিবলৈ গৈ আছো। আজি আমি এক উন্নত ভাৰতৰ সংকল্প পুনৰাবৃত্তি কৰাৰ উদ্দেশ্যৰে নতুন ভৱনলৈ ৰাওনা হৈছো, পুনৰ এবাৰ ইয়াক পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু কঠোৰ পৰিশ্ৰম কৰিছো। মুছলমান ভগ্নী আৰু কন্যাসকলে ন্যায়ৰ বাবে অপেক্ষা কৰি আছিল। এই সদনে আমাৰ ভুলবোৰ সংশোধন কৰিছিল, আমি সকলোৱে একেলগে তিনি তালাক আইন গৃহীত কৰিছিলো। সংসদই বিগত বছৰবোৰত ট্ৰেন্সজেণ্ডাৰসকলক ন্যায় প্ৰদান কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিছে। আমি এই দিশত আগবাঢ়িছো যাতে তেওঁলোকে সন্মান আৰু মৰ্যাদাৰে শিক্ষা, স্বাস্থ্য, চাকৰি লাভ কৰিব পাৰে। আমি একেলগে বিকলাঙ্গ ব্যক্তিসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো।” উল্লেখ্য যে আজিৰ পৰা নতুন ভৱনটোত সংসদৰ কাম-কাজ আৰম্ভ হয়। প্ৰধানমন্ত্ৰীয়ে ভাষণত আৰু কয়-আমি অনুচ্ছেদ 370 আঁতৰাই দিছিলো, এনে এটা দশক খুব কম আছিল য’ত ইয়াক লৈ কোনো চিন্তা আৰু দাবী নাছিল। কিন্তু আমি সকলো সৌভাগ্যৱান যে আমি অনুচ্ছেদ ৩৭০ ৰ পৰা পৰিত্ৰাণ পাবলৈ, সন্ত্ৰাসবাদৰ পৰা পৰিত্ৰাণ পাবলৈ পদক্ষেপ লৈছো। এইটো প্ৰাপ্ত কৰাত সংসদৰ সদস্যসকলৰ এক বৃহৎ ভূমিকা আছে।”
