নগাঁৱৰ হাস্পতালৰ পৰা সন্ধানহীন ২ শিশু, তীব্ৰ চাঞ্চল্য

117

নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা দুই শিশু নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা শিশু দুটিৰ দুগৰাকী কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ হাস্পতালখনত চিকিৎসাধীন হৈ আছে। শিশুদুটিৰ বয়স ক্ৰমে ১০ বছৰ আৰু ৩ বছৰ।

চিকিৎসালয়খনৰ এগৰাকী নাৰ্চে অৱশ্যে অভিযোগ কৰিছে যে শিশু দুটাক বিক্ৰী কৰা হৈছে। নাৰ্চ গৰাকীৰ মতে, ৩ বছৰীয়া শিশুটিক ৮ হাজাৰ টকাত বিক্ৰী কৰাৰ লগতে ছোৱালীজনীক নিজ ভাতৃয়ে বিক্ৰী কৰিছিল।

খবৰ অনুসৰি সোমবাৰে নিশা চিকিৎসালয়ত আঘাতপ্ৰাপ্ত মহিলা দুগৰাকীৰ মৃত্যু হৈছে। দক্ষিণ লুমাৰীৰ এখন ইটা কুৱেৰীৰ শ্ৰমিক আছিল দুয়োগৰাকী ভদ্ৰমহিলা।