নগাঁৱৰ “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

111

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “সংগীতে মানুহক আনন্দ আৰু সাহস যোগাই অহাৰ দৰেই প্ৰেৰণাৰেও উদ্ধুদ্ধ কৰি আহিছে৷ গীত ভাল নোপোৱা মানুহ ক’তোৱেই নাই৷ তেওঁ লাগিলে ৰজাই হওক কিম্বা প্ৰজাই হওক৷ কিন্তু গীত হ’লেই জানো মানুহে গ্ৰহণ কৰিব,কিয় কৰিব? প্ৰথম কাৰণ বৈশিষ্ট্য। তাৰ পিছত শ্ৰোতা৷ তেতিয়াহে মানুহে গায়ক হিচাপে আঁকোৱালি ল’ব৷ ন’হলে গোটেই নিশা এজন গায়কৰ বাবে দৰ্শক ৰাইজ কিয় বহি থাকিব। কাৰণ তেওঁৰ বৈশিষ্ট্য আছে৷’’

নগাঁৱৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় অসমৰ বিশিষ্ট কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই। এই উপলক্ষে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিবাসত শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি তথা যশস্বী কণ্ঠশিল্পী দিগেন মহন্তৰ সভাপতিত্বত শুক্ৰবাৰে বিয়লি অনুষ্ঠিত অনুষ্ঠানটিত নিমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজখোৱাই কথা, সুৰ,বাদ্য আৰু গায়কী এই চাৰিটাৰ সংমিশ্ৰণতহে এটা গীতে সম্পূৰ্ণতা লাভ কৰে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটি শিল্পী সমাজৰ জ্যেষ্ঠ শিল্পী প্ৰণতি বৰাই পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে শুভাৰম্ভ হয়৷ নগাঁৱৰ প্ৰয়াত কবি-গীতিকাৰ বিউটি ৰহমানৰ সোঁৱৰণীত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটিত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অমিয়া পাতৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কাব্য-গীতৰ সন্দৰ্ভত এটি শ্ৰুতিমধুৰ ভাষণ প্ৰদান কৰে৷

অনুষ্ঠানটিত আন এগৰাকী অতিথি তথা নগাঁও জিলা কবি মঞ্চৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই শিল্পী পৱিত্ৰ অন্তৰৰ খোলা মানুহ হ’ব লাগিব বুলি উল্লেখ কৰাৰ লগতে শিল্পীক সহজলভ্য বুলিও দোহাৰি শিল্পীক বিচাৰিলেই সকলোৱে সহজতে কাষতে পায় বুলি মত প্ৰকাশ কৰে৷ “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ বৰ্ষপূৰ্তি অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কবি মৃদুপৱন বৰা, প্ৰবীণ লেখক অশোকৰাম ভট্টাচাৰ্য, কাবেৰী মহন্ত, দীপা পণ্ডিত, দীপিকা নাথ, দেৱযানী শৰ্মা পাঠক, চন্দ্ৰ শইকীয়া, নিৰ্মালি বৰা, ৰুকেয়া চুলতানা আহমেদ, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, জয়ন্তী বৰা, কবিতা বৰা, আনোৱাৰ পাৰভেজ আৰু অনু কোঁৱৰ সিংহই স্বৰচিত কবিতা আবৃত্তি কৰাৰ বিপৰীতে সংগীত শিল্পী আতিকুৰ ৰহমান, কুমকুম বৰুৱা, কীৰ্তি কৃষ্টি বৰা আৰু দৰদী শিল্পী দিগেন মহন্তই পৰিৱেশন কৰে।

উক্ত অনুষ্ঠানতে অহা পাঁচ বছৰৰ বাবে ৰামধেনু যুগৰ প্ৰবীণ কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক মুখ্য উপদেষ্টা, প্ৰথিতযশা শিল্পী দিগেন মহন্তক সভাপতি, শিল্পী কুমকুম বৰুৱাক উপ-সভাপতি, আতিকুৰ ৰহমানক কাৰ্যকৰী সভাপতি, প্ৰাঞ্জল বৰদলৈক সম্পাদক, দীপা পণ্ডিতক সহকাৰী সম্পাদক, প্ৰণতি বৰাক সাংস্কৃতিক সম্পাদক, জয়ন্তী বৰাক পত্ৰিকা সম্পাদক, কীৰ্তি কৃষ্টি বৰাক সাংগঠনিক সম্পাদকৰ লগতে কেইবাগৰাকী শিল্পী-সাহিত্যিকক উপদেষ্টা আৰু কাৰ্যকৰী সদস্য হিচাপে লৈ “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ নতুন সমিতিখন গঠন কৰা হয়।