নগাঁৱৰ সাৰ্বজনীন গৰখীয়া থানত কীৰ্তন পাঠ কৰি থাকোঁতেই পাঠকৰ আকস্মিক মৃত্যু

716

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া, পাঠেক, ধৰ্মপৰায়ণ সৰবৰহী ব্যক্তি ৰবীন্দ্ৰ নাথৰ আকস্মিক পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷ প্ৰাপ্ত বাতৰি মতে ৰবীন্দ্ৰ নাথে জামুগুৰিৰ তিনিশ বছৰীয়া ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত অন্য দিনাৰ দৰেই শুকুৰবাৰেও দুপৰীয়া কীৰ্তন পাঠ কৰি থকাৰ সময়তে হঠাতে মাটিত ঢলি পৰে৷

লগে লগে থানত থকা ভক্তই নাথৰ পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোক আহি ততাতৈয়াকৈ তেওঁক নগাঁও চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা নিজকে সমাজসেৱাত নিয়োজিত কৰি ৰখা ৰবীন্দ্ৰ নাথ স্থানীয় বহুকেইটা সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত আছিল৷

অমায়িক আৰু নম্ৰ স্বভাৱৰ নাথ এগৰাকী পাঠক হিচাপে অঞ্চলত পৰিচিত আছিল৷ তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ ৬৫বছৰীয়া নাথে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।