নগাঁৱৰ সংবাদ ক্ষেত্ৰৰ প্ৰাণ স্বৰূপ “সাপ্তাহিক কলংপাৰ” কাকতৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

205

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান তিলক প্ৰকাশনৰ উদ্যোগত বৃহস্পতিবাৰে আধুনিক অসমীয়া সাপ্তাহিক “কলংপাৰ”কাকতৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ৷ এই উপলক্ষে শ্ৰীমন্ত শংকৰ মিছনৰ সভাগৃহত পুৱা প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰি “কলংপাৰ” কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিঙে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰাৰ পাছতে মিশ্যনৰ চৌহদত বৃক্ষৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে “কলংপাৰ”ৰ সম্পাদক ভৱেন বৰা আৰু কাৰ্য্যবাহী সম্পাদক পূণ্যদা বৰাই৷

ইয়াৰ পাছতে কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক বলেন বৰা, প্ৰাক্তন মুখ্য সম্পাদক ড° আবু হানিফা, উপ-সম্পাদক অচ্যুত প্ৰৱৰ শৰ্মা, প্ৰাক্তন সম্পাদক সুৰেন বৰা আৰু কাকতখনৰ অন্যতম শুভাকাংক্ষী মুকুল চন্দ্ৰ শইকীয়াৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতে কাকতখনৰ সৈতে বিভিন্নপ্ৰকাৰে জড়িত শুভাকাংক্ষী তথা পাঠক-পাঠিকা, লেখক-লেখিকাসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

এই আলাপত অংশ গ্ৰহণ কৰি জ্যেষ্ঠ লেখক গুনীন্দ্ৰ গায়ন, গল্পকাৰ শিবানন্দ কাকতিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায়। দুপৰীয়া জলসিঞ্চন বিভাগৰ মুখ্য সঞ্চালক, লেখক ললিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকা তথা যশস্বী সমালোচক অৰিন্দম বৰকটকীয়ে নগাঁৱৰ দৰে এখন চহৰৰ পৰা প্ৰকাশ পোৱা “কলংপাৰ” কাকতে ২৪সংখ্যক বৰ্ষত ভৰি দিয়াটোৱেই প্ৰশংসনীয়।

এই সময়ছোৱাত কাকতখনে সুস্থ সাংবাদিকতাৰ এক ধাৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ বাবে “কলংপাৰ” আজি নগাঁৱৰ জনসাধাৰণৰ আপোন হৈ পৰিছে। বৰ্তমান সময়ত ক্ষুদ্ৰ কাকতসমূহে সন্মুখীন হোৱা সমস্যাৰ লগতে ইয়াৰ বাবে কাকতসমূহে ল’ব লগা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ক্ৰমে ড° জ্যোতিৰ্ময় জানা, প্ৰাক্তন অধ্যক্ষদ্বয় মহেন্দ্ৰ আহোম তথা ড° খৰ্গেশ্বৰ ভূঞাক গামোচা, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰ আৰু “কলংপাৰ”ৰ প্ৰতীকী চিহ্নৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

“কলংপাৰ” কাকতৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাৰ লগতে উপ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানতে ইতিমধ্যে “কলংপাৰ”ৰ উদ্যোগত অসম ভিত্তিত আয়োজন কৰা বিভিন্ন সাহিত্যমূলক প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাংবাদিক সভাৰাম মজুমদাৰ, সাহিত্যিক পেঞ্চনপ্ৰাপ্ত মোলান লস্কৰ, বিশিষ্ট সাংবাদিক কনক হাজৰিকা, বিৰিঞ্চি ডেকা লেখিকা ক্ৰমে অমিয়া গোস্বামী, জেউতি হাজৰিকা, প্ৰিয়ম্বদা কাকতি বৰা আদি উপস্থিত থাকে।

এই অনুষ্ঠানৰ পূৰ্বে হলধৰ ভূঞা প্ৰেক্ষাগৃহত “কলংপাৰ” কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন বৰা, প্ৰাক্তন মুখ্য সম্পাদক প্ৰয়াত ড° আবু হানিফা, প্ৰয়াত মুকুল শইকীয়া, প্ৰয়াত সুৰেন বৰা, কাৰ্টুনিষ্ট প্ৰয়াত অচ্যুৎ প্ৰৱৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনাই ক্ৰমে মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামী, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু বিশিষ্ট লেখিকা উপমা মজুমদাৰে৷ বিয়লি “কলংপাৰ” কাকতৰ চৌহদত বন্তি প্ৰজ্বলনৰে অনুষ্ঠানৰ সামৰণি ঘটোৱা হয়।