ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত পূব হাতীচোং ব্ৰাহ্মণগাঁৱৰ এগৰাকী শিক্ষকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয়।
প্ৰাপ্ত বাতৰি মতে কুৰুৱাবাহী প্ৰাথমিক বিদ্যালয়ৰ পদ্ম বৰা নামৰ শিক্ষক গৰাকীয়ে পৰিয়ালৰ সৈতে কলিয়াবৰৰ শহুৰেকৰ ঘৰলৈ গৈছিল। কালি বিয়লি শিক্ষকগৰাকী ঘৰলৈ উভতি অহাতহে ঘৰখনত চোৰ সোমোৱা কথাটো পোহৰলৈ আহে।
ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু আলমাৰি ভাঙি দুই লক্ষাধিক টকাৰ বহুকেইপদ আ-অলংকাৰ চুৰ কৰি নিয়াৰ লগতে আচবাব তথা কিতাপ-পত্ৰসমূহ লণ্ডভণ্ড কৰি থৈ যায়।
ঘটনা সন্দৰ্ভত শিক্ষক পদ্ম বৰাই স্থানীয় আৰক্ষী থানাত অৱগত কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
