নগাঁৱৰ বেবেজীয়া-বৰজহাৰ শিক্ষয়িত্ৰী নিৰ্মালী শইকীয়াৰ পুথিভঁৰাল বিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান

118

ঋতু পৰ্ণ শৰ্মা,নগাঁও : নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী বৰজহা গাঁৱৰ নিবাসী সাংবাদিক জ্যোতি প্ৰসাদ বৰাৰ পত্নী তথা শিক্ষয়িত্ৰী নিৰ্মালী শইকীয়াই পুথিভঁৰাল বিষয়ক প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ।

ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস উপলক্ষে ধেমাজি জিলা শিক্ষা বিভাগে আয়োজন কৰা “বিদ্যালয়ত পুথিভঁৰালৰ প্ৰয়োজনীয়তা” শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাত সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হয় শীৰ্ষস্থান ।

উল্লেখ্য যে ধেমাজি জিলা শিক্ষা বিভাগে জিলাখনৰ প্ৰাথমিক,উচ্চ প্ৰাথমিক,উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সকলৰ মাজত মুঠ পাঁচটাকৈ বিষয়ত প্ৰবন্ধ প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজতো নিৰ্বাচিত বিষয় সন্দৰ্ভত এই বিশেষ প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছিল ।

ঘোষিত ফলাফল অনুসৰি প্ৰতিযোগিতা খনৰ নিৰ্দিষ্ট বিষয়ত ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত কেচুখনা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী নিৰ্মালী শইকীয়াই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে ধোবাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নয়নমণি দাসে লাভ কৰে দ্বিতীয় স্থান ।

ইফালে প্ৰতিযোগিতাৰ অন্য কেইটা শিতানত গকুল চেতিয়া আৰু ৰঞ্জন কুমাৰ কামান,প্ৰদীপ মহন্ত আৰু নিপেন মোদক,পেংমুং বৰগোঁহাই আৰু নিত্যানন্দ শৰ্মা,বৰ্ণালী দেৱী আৰু ৰিচা বুঢ়াগোহাঁয়ে ক্ৰমাগতভাৱে প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে । উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা সহকাৰী শিক্ষয়িত্ৰী নিৰ্মালী শইকীয়াই ৰাজ্যৰ প্ৰাথমিক,উচ্চ প্ৰাথমিক, প্ৰাথমিক,মাধ্যমিক টেটৰ লগতে চেণ্ট্ৰেল টেটৰ প্ৰাথমিক,উচ্চ প্ৰাথমিকৰ সৈতে ২০১৯ বৰ্ষৰ মুঠ পাঁচটাকৈ টেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ।

এগৰাকী সংস্কৃতিবান,বিনয়ী আৰু মাৰ্জিত স্বভাৱৰ গুণৰাশিৰে পৰিচিত শিক্ষয়িত্ৰী গৰাকীয়ে টেট পৰীক্ষাৰ জৰিয়তে সুদূৰ ধেমাজি জিলাত শিক্ষকতা বৃত্তিত জড়িত হৈ সাফল্য দাঙি ধৰাত নগাঁও জিলাৰ বেবেজীয়াৰ শৈক্ষিক সমাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ৷