নগাঁৱৰ বেবেজীয়াৰ প্ৰাক্তন শিক্ষয়িত্ৰী-সমাজকৰ্মী মীৰা শৰ্মাৰ পৰলোক

133

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ ৪নং নামঘৰৰ সমীপৰ নিবাসী তথা বিশিষ্টা সমাজকৰ্মী-ধৰ্মপৰায়ণ সৰবৰহী মহিলা মীৰা শৰ্মাৰ শনিবাৰে নিশা ৯:৪৫ বজাত পৰলোকপ্ৰাপ্তি হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ।

উল্লেখ্য যে মীৰা শৰ্মা সোমবাৰে পুৱা হঠাতে অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাছত চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৩ চনৰ ৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা মীৰা দেৱীয়ে বিবাহ পাশত আবদ্ধ হোৱাৰ পূৰ্বে শোণিতপুৰ জিলাৰ ৰঙাপাৰা প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰীৰূপে কৰ্মৰত আছিল। তদুপৰি তেখেত বেবেজীয়া আঞ্চলিক সাৰ্বজনীন পূজা মন্দিৰৰ মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকা আৰু বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজৰ এগৰাকী সক্ৰিয় সদস্যা আছিল।

মীৰা শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত দেওবাৰে পুৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। দুপৰীয়া শোকাকুল পৰিৱেশত শৰ্মাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে স্বামী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰতি কান্ত শৰ্মা, দুজন পুত্ৰ, এগৰাকীকৈ বিবাহিত জীয়ৰী-জোঁৱাই আৰু বোৱাৰী, এজনী নাতিনীসহ ইষ্ট কুটুম্বক এৰি থৈ যায়।

মীৰা শৰ্মাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বেবেজীয়া আঞ্চলিক পূজা সমিতি, বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজ, আৰ্য জাতীয় বিদ্যালয়, প্ৰেছ ক্লাৱ- বেবেজীয়া, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, বেবেজীয়া প্ৰগতি সংঘ, বেবেজীয়া শাখা নাট্য সন্মিলন, বেবেজীয়া আঞ্চলিক শাখা সাহিত্য সভা, স্বেচ্ছাসেৱী অনুষ্ঠান ফেণ্ডছ-এ হেল্পিং হেণ্ডকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মহিলাগৰাকীৰ মৃত্যুত বেবেজীয়া অঞ্চলত শোকৰ ছাঁ পৰিছে।