নগাঁৱৰ বেঙেনাআটি কলংপাৰৰ পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে ৰাইজক

418

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষিপ্ৰধান অঞ্চল বেঙেনাআটিৰ এটা পথে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। চহৰখনৰ সমীপৱৰ্তী বেঙেনাআটি নীলকণ্ঠ শিৱ মন্দিৰৰ পৰা কলংপাৰ হৈ হীৰাগাঁৱলৈকে প্ৰায় তিনি কিলঢমিটাৰৰ দৈৰ্ঘ্যৰ পথটো স্বাধীনতাৰ পাছৰে পৰা আজি পৰ্য্যন্ত পকীকৰণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ পৰে যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজলৈ যোৱাত বাধাৰ সৃষ্টি হৈছে। পথৰ দুৰৱস্থাৰ বাবেই ৰবি শস্য প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা কৃষি প্ৰধান অঞ্চলটোৰ কৃষক ৰাইজে উৎপাদিত সামগ্ৰী সমূহ বজাৰত নি বিক্ৰী কৰিবলৈ অক্ষম হৈ পৰিছে।

আনহাতে পথটো ইমানেই বোকাময় যে জৰুৰীকালীন এম্বুলেঞ্চ সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, মৃত্যুঞ্জয় সেৱাৰ বাহনো গাঁওখনত প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি হৈছে। উক্ত পথটো পকীকৰণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে বিগত বহু বছৰ ধৰি চৰকাৰক দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কোনো সু-ফল লাভ কৰা নাই। বেঙেনাআটি গাওঁ পঞ্চায়তৰ এলেকাধীন পথটোত ৰাইজৰ হেঁচাত মাজে সময়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগে আঁচনি গ্ৰহণ কৰি কিছু মেৰামতি কৰে যদিও অহৰহ গাড়ী-মটৰ চলাচল কৰা পথটো পুনৰ বোকাময় হৈ পৰে।

ইতিমধ্যে পথটোত সৰু-বৰ বহুকেইটা পথ দুৰ্ঘটনাও সংঘটিত হৈছ । পথটোৰ দুৰৱস্থাৰ কথা স্থানীয় ৰাইজে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বহুবাৰ অৱগত কৰিছে যদিও সাংসদ গৰাকীয়ে গুৰুত্ব প্ৰদান কৰা নাই। এই ক্ষেত্ৰত স্থানীয় ৰাইজে পথটো পকীকৰণৰ ব্যৱস্থা কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ বৰ্তমানৰ বিধায়ক জিতু গোস্বামীক আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়টো হস্তক্ষেপৰ দাবী জনাইছে।