ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ জলবায়ু পৰিবৰ্তনৰ ফলত বতৰৰো তাৰতম্য ঘটিছে৷ জলবায়ুৰ পৰিবৰ্তনৰ ফলত শেহতীয়াভাৱে সমগ্ৰ অসমত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তাৰ বাবে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূ-গৰ্ভৰ জলস্তৰ ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে৷ ৰাজ্যখনৰ আন কেইবাটাও স্থানৰ লগতে নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ কামপুৰ আৰু কচুৱা অঞ্চলত এক খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জান-জুৰিকে ধৰি দমকল আদিৰ পানীৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিছে। যাৰ বাৱে গছ-গছনি তথা জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে৷
জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কচুৱা অঞ্চলত খোৱা পানীৰ বাবে শ-শ পৰিয়ালে হাহাকাৰ কৰিব লগা হৈছে৷ ঘৰৰ পুখুৰী, খাল, দমকল আদিৰ পানী ক্ৰমশঃ শুকাই যোৱাত ৰাইজৰ মাজত এটুপি পানীৰ বাবে হাহাকাৰ লাগিছে। তদুপৰি গৰু, ছাগলী, হাঁহ-কুকুৰা পালন কৰাৰ লগতে কৃষি কাৰ্য্য কৰি জীৱিকা নিৰ্বাহ কৰা এই লোক সকলে দুূৰ দুৰণিৰ পৰা পানী আনিব লগা হৈছে৷ আনকি অত্যাধিক দামত “মিনাৰেল” পানী ক্ৰয় কৰি খাব লগা হৈছে। বিগত এমাহ ধৰি খৰাং সদৃশ পৰিস্থিতি সৃষ্টি হোৱাত কচুৱা অঞ্চলৰ ৬০ খনৰো অধিক গাঁৱৰ দমকল সমূহত পানীৰ অভাৱ পৰিক্ষিত হৈছে৷

অঞ্চলটোৰ ১নং, ২নং, কচুৱা কান্দাপাৰা, চানখোলা, ৰাঙলুবস্তি, লংজাপ, বন্দুৰা, হালধীবাৰি, দোমাইহাগি, ওজাগাঁও, বৰগাঁও, টপাকুচি, পাহাৰতলি, বিৰিঙা আটি, সাতলোঙ্গা, লংকাগাওঁ, পদুমপুখু্ৰীকে ধৰি ৬০ খনৰো অধিক গাঁৱৰ ৭৫ শতাংশ দমকলৰ পানীৰ জলস্তৰ দ্ৰুতগতিত হ্ৰাস পোৱাত খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷
এতিয়া খোৱা পানীৰ বাৱে লোকসকলে শাৰী পাতিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সমান্তৰালভাৱে কৃষি কাৰ্যতো প্ৰভাব পৰিছে৷ মূলতঃ এই অঞ্চলৰ কৃষকসকলে বড়ো ধানৰ খেতিৰ লগতে ৰবি শস্য কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে৷ চলিত বৰ্ষত খৰাং পৰিস্থিতি সৃষ্টি হোৱাত এই অঞ্চলৰ খেতি পথাৰ সমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। যাৰবাবে কৃষক গভীৰ সংকটত পৰিছে৷ খেতি পথাৰত বড়ো ধানৰ খেতি শুকাই যাবলৈ ধৰিছে৷ পথাৰত এতিয়া ছিৰালফাঁট দিছে৷ তদুপৰি পানীৰ অভাৱত কৃষকে ৰবি শস্য কৰাত সমস্যাৰ সন্মুখীন হৈছে৷ ৰবি শস্য কৰি কৃষকে দুই-এপইচা উপাৰ্জন কৰি আহিছে যদিও এইবাৰ পানীৰ অভাৱৰ বাৱে কৃষকে ভালদৰে ৰবি শস্য উৎপাদন কৰিব পৰা নাই৷
পথাৰত ছিৰালফাঁট দিয়াত কৃষক সকলে মূৰে-কপালে হাত সাৱটিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই অঞ্চলত লুটুমাৰি নদীৰ লগতে উত্তৰ-পূৱ দিশেৰে কপিলী নদী বৈ গৈছে৷ কাষতে আছে বৰপানী নদী। এই তিনিখন নদী থকাৰ পিছতো আজিলৈকে এই অঞ্চলটোত জলসিঞ্চন ব্যৱস্থা নহ’ল৷ ৰহা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলৰ ৰাইজে ৰহা সমষ্টিৰ বিধায়কক বহুবাৰ আবেদন জনাইছে যদিও আজি পৰ্যন্ত জলসিঞ্চন আঁচনি স্থাপন কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাৱে এতিয়া এই অঞ্চলৰ ৰাইজে কৃষি কাৰ্যৰ বাবে বৰষুণৰ ওপৰতে ভৰষা কৰিব লগা হৈছে৷ এই সন্দৰ্ভত নগাঁও জিলা কৃষি বিভাগে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
