নগাঁৱৰ বিশিষ্ট কবি-সাহিত্যিক, চিকিৎসক প্ৰয়াগ শইকীয়াক “নগঞা শইকীয়া ভোটাই ডেকা সন্মান-২০২২” প্ৰদান

261

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁৱৰ বিশিষ্ট কবি-সাহিত্যিক তথা চিকিৎসক প্ৰয়াগ শইকীয়াক যোৱানিশা প্ৰদান কৰা হয় “নগঞা শইকীয়া ভোটাই ডেকা সন্মান”। আহোম ৰাজত্ব কালৰ এগৰাকী অসাধাৰণ বীৰ,যি গৰাকীয়ে অসম বুৰঞ্জীৰ এজন খলনায়ক হিচাপে বিবেচিত লালুকসোলা বৰফুকনক হত্যা কৰাই নহয় এখন সাধাৰণ তৰোৱালেৰে জনগণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড ভালুক হত্যা কৰি ৰাইজক দুঃচিন্তামুক্ত কৰিছিল সেইগৰাকী “ভোটাই ডেকা”ৰ নামত উৎসৰ্গিত এই সন্মান ইতিপূৰ্বে সমাজৰ তিনিগৰাকী বৰেণ্য ব্যক্তিক প্ৰদান কৰাৰ পিছত চলিত বৰ্ষত চতুৰ্থবাৰৰ বাবে বিশিষ্ট কবি,সাহিত্যিক তথা চিকিৎসক প্ৰয়াগ শইকীয়াক প্ৰদান কৰা হয়।

নগাঁৱৰ ভোটাইগাঁও গ্ৰাম্য বিকাশ যুৱ মঞ্চৰ উদ্যোগত মঞ্চৰ কাৰ্যালয় প্ৰাংগণত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা যুৱ মঞ্চৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে “বসন্ত উৎসৱ”ৰ অনুষ্ঠানতে প্ৰদান কৰা হয় এই বিৰল সন্মান। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বিশিষ্ট কবিগৰাকীয়ে কয় যে এই সন্মান মই নতশিৰে গ্ৰহণ কৰিছোঁ। অসম বুৰঞ্জীৰ এজন অতি বিপদজনক খলনায়ক লালুকসোলা বৰফুকনক সংহাৰ কৰি ৰাজ্যলৈ সুস্থিৰতা অনা “ভোটাই ডেকা” আজিও ভোটাতৰাৰ দৰে জিলিকি থকা এক নমস্য নায়ক। এই নামৰ সৈতে সংলগ্ন হ’ব পৰাটো এক বিৰল প্ৰাপ্তি।

চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই সাংস্কৃতিক মঞ্চ মুকলি কৰা অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ অন্যতম সম্পাদক তথা শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামী, অধিবক্তা চিম্পি বৰা, আৰক্ষী বিষয়া মৃদুল হাজৰিকা, সাংবাদিক জয়ন্ত বৰা আদিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ অন্যতম সম্পাদক, শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে বিশিষ্ট অতিথি হিচাবে ভাষণ প্ৰদান কৰে।

ইয়াৰ পিছতে আমন্ত্ৰিত নৃত্যঙ্গনা সাংস্কৃতিক গোষ্ঠীকে ধৰি দুটা নৃত্য দলৰ দ্বাৰা আকৰ্ষণীয় নৃত্য পৰিবেশন আৰু জনপ্ৰিয় কণ্ঠশিল্পী অংকুৰ তনয়, প্ৰীতি দাস আৰু ৰূপম কাকতিৰ সংগীতানুষ্ঠানেৰে মুখৰিত হৈ পৰে “বসন্তৰ এনিশা”। উল্লেখ্য যে বিভিন্ন সমাজ সেৱামূলক কাম-কাজৰ সৈতেও জড়িত ভোটাইগাঁও গ্ৰাম্য বিকাশ যুৱ মঞ্চৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিহুনৃত্যকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা কাৰ্যসূচীসমূহত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।