নগাঁৱৰ বহমপুৰত জাকে জাকে বন্যহস্তীৰ অৱস্থান

115

নগাঁৱৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱৰ ঝাৰণিত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান।বহুকেইটা পোৱালিসহ প্ৰায় ৪০/৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ।
কৃষিকাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক্ মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষক ৰাইজো।বন বিভাগক শীঘ্ৰেই ঝাৰণিখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান শংকিত কৃষক ৰাইজৰ।সম্প্ৰতি উৎকণ্ঠিত ৰাইজে হাতীৰ জাকটো চাবলৈ ভিৰ কৰিছে ১নং ঘোগৰগাঁৱৰ ঝাৰণিৰ সমীপত।