ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “হৰিনাম ৰসে/ বৈকুণ্ঠ প্ৰকাশে/ প্ৰেম অমৃত নদী/ শ্ৰী শংকৰে পাৰভাগি/ বহে ব্ৰহ্মাণ্ডক ভেদি”-এনেদৰে হৰিনামৰ ধ্বনিৰে পৰম ব্ৰহ্ম পৰমেশ্বৰৰ গুণানু কীৰ্তনেৰে মঙলবাৰৰ পৰা নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ নিজ ডিমৌ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ভাওনা মহোৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।
নিজ ডিমৌ ৰাইজৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱস আৰু ভাওনা মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে মঙলবাৰে পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগৰ পাছতে ভাগৱত ভ্ৰমণ-শোভাযাত্ৰা উলিওৱা হয়। ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাত বাপ-বান্ধৱ আৰু আই-মাতৃসকলৰ হৰিনাম-দিহানামৰ ধ্বনিৰে ডিমৌ অঞ্চলৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

ইয়াৰ পাছতে খোল প্ৰসংগ,নাম প্ৰসংগৰ অন্তত এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। নিজ ডিমৌ কৃষ্টি বিকাশ সংঘৰ সম্পাদক সৌৰভ ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত নামঘৰৰ শুভাকাংক্ষী তথা বিভিন্ন কামত আৰ্থিক অনুদান আগবঢ়োৱা লক্ষী কান্ত কাকতি, কমল কাকতি, লিলি ডেকা, মহানন্দ ডেকা, তগৰ পাটৰ, পবিত্ৰ বৰদলৈ, ইন্দিৰা ডেকা, গুণেশ্বৰ ডেকা, অমূল্য পাটৰ, ভৱেন মেধি, সিদ্ধেশ্বৰ ডেকা, তগৰ ডেকাক সম্বৰ্ধনা জনোৱা হয়।
সন্ধ্যা বন্তি প্ৰজ্বলন, গায়ন-বায়নৰ জোৰা পৰিবেশনৰ অন্তত নিশালৈ “উদয় শংকৰৰ উপাখ্যান” মঞ্চস্থ কৰা হয়। আজি পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগ আৰু খোল প্ৰসংগ-নাম প্ৰসংগৰ পাছত সন্ধ্যা বন্তি প্ৰজ্বলন আৰু গায়ন-বায়নৰ জোৰা পৰিবেশনৰ অন্তত নিশা মহিলাসকলৰ দ্বাৰা “হৰিচন্দ্ৰৰ উপাখ্যান” পাল্লা ভাওনাখনি মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।
