নগাঁৱৰ ধিঙত কংগ্ৰেছ নেতাৰ গুণ্ডাগিৰী

68

নগাঁৱৰ ধিঙত কংগ্ৰেছ নেতাৰ গুণ্ডাগিৰী । ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নেতা তথা ভূ-মাফিয়াৰূপী নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে আক্ৰমণ কৰে চৰকাৰী গাওঁপ্ৰধানক ।নগাঁৱৰ ধিং ৰাজহ চক্রৰ সোনাৰী গাঁৱৰ গাওঁ প্ৰধান চিৰাজুল ইছলামক মাৰপিট কৰে ভূ-মাফিয়াৰূপী হায়দৰ আলীয়ে। ভূ-মাফিয়া হাইদৰ আলীয়ে এদুখৰ মাটি ক্ৰয় কৰাৰ বাবে ফটো উঠিবলৈ মাতিছিল গাঁওপ্ৰধান চিৰাজুল ইছলামক ।
কিন্তু গাওঁ প্ৰধানজনে সন্ধ্যা সময়ত হোৱাৰ বাবে চৰকাৰী লাট মণ্ডলৰ লগত ফটো উঠিবলৈ অমান্তি হোৱাত গাওঁ প্ৰধানক আক্ৰমণ কৰে হাইদৰ আলীয়ে । গাওঁ প্ৰধান চিৰাজুল ইছলামে ইতিমধ্যে হাইদৰ আলীৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।আনহাতে,ধিং ৰাজহ চক্রৰ সকলো গাওঁ প্ৰধানে ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগো দাখিল কৰিছে । ভুমাফিয়া হাইদৰ আলীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগী গাওঁ প্ৰধান চিৰাজুল ইছলামক ন্যায় প্রদান কৰিবলৈ দাবী জনাইছে গাওঁ প্ৰধান সন্হাই। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষণীয় বিষয়।