নগাঁৱৰ জুৰীয়াৰ সুতিৰপাৰৰ পৰা জুৱাৰীক আটক

73

নগাঁৱৰ জুৰীয়াৰ সুতিৰপাৰৰ পৰা চাৰি জুৱাৰী আটক।
নগাঁৱৰ সুতিৰপাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নেতৃত্বত এক গোপন খবৰ ভিত্তিত জহাজান গাঁৱত চলাইছিল জুৱাৰ বিৰুদ্ধে অভিযান। জুৰীয়াৰ জহাজান গাঁৱত নিশা আৰক্ষীয়ে অভিযান চলাই চাৰি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় লগতে উদ্ধাৰ কৰে জুৱা খেলা সামগ্ৰী, ১৬৭০ টকা নগদ ধন আৰু এটা ম’বাইল ফোন। ধৃত জুৱাৰীৰ দলটো নগাঁও জুৰীয়াৰ বিভিন্ন অঞ্চলত জুৱা খেলত জড়িত আছিল।
অৱশেষত সুতিৰপাৰ আৰক্ষীৰ জালত পৰে কুখ্যাত এই চাৰি জুৱাৰী। জুৱাৰী কেইটাৰ হ’ল ক্ৰমে আব্দুল হাছিম, ছাদ্দাম হুছেইন, হিৱজুৰ ৰহমান আৰু দুলাল মিঞা । ইয়াৰে আব্দুল হাছিম আৰু ছাদ্দাম হুছেইন ঘৰ জহাজানত, হিৱজুৰ ৰহমানৰ ফুৰহানিআটি আৰু দুলাল মিঞাৰ ঘৰ চেনিমাৰি বিলত। ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত কুখ্যাত চাৰি জুৱাৰীক জেৰা অন্ত:ত জেল হাজোতলৈ প্ৰেৰণ কৰে।