ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমীয়াৰ প্ৰাণৰ আপোন বাপতিসাহোন ব’হাগ বিহুৰ ৰং-আনন্দই অসমবাসীৰ মাজত সৰ্বত্ৰ উখল-মাখল পৰিৱেশ সৃষ্টি কৰি থকাৰ সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূৱ জামুগুৰিৰ বিলৰমূৰতো তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা খেল-ধেমালি অনুষ্ঠানৰ সোমবাৰে সন্ধিয়া সামৰণি পৰে৷
সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি কণ-কণ ল’ৰা-ছোৱালীৰ লগতে জীয়াৰী-বোৱাৰীসকলৰ মাজত অনুষ্ঠিত কৰা এখনি আকৰ্ষণীয় ভেশচন প্ৰতিযোগিতাৰ সমান্তৰালভাৱে বিগত দিনৰ খেল-ধেমালি উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ বঁটা-বিতৰণী অনুষ্ঠানটিৰো সফলতাৰে সম্পন্ন হৈ যায়৷
উল্লেখযোগ্য যে সকলোকে আকৰ্ষণ কৰিব পৰাকৈ অনুষ্ঠিত হোৱা ভেশচন প্ৰতিযোগিতাখনিত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰূপত ভেশ ধৰি ৰাইজৰ মাজত ভাষণ প্ৰদান কৰা বোৱাৰী জুৰি ডেকাই সকলোকে মোহাবিষ্ট কৰাৰ লগতে নিজৰ প্ৰতিভাৰো পৰিচয় দাঙি ধৰি উপস্থিত দৰ্শকক আনন্দৰ খোৰাক দিবলৈ সক্ষম হয়৷ একেদৰেই বোৱাৰী পপী বৰা আৰু জ্যোস্না বৰদলৈয়ে দৰা-কইনাৰ ৰূপত, যশোদা ডেকা আৰু ননী ডেকাই দৰা-কইনাৰ সখা-সখিয়নীৰ ৰূপত, মাধৱী ডেকাই বাগানীয়া মহিলাৰ ৰূপত, পদুমী বৰদলৈ আৰু বীনা বৰদলৈয়ে কাৰ্বি মহিলাৰ ৰূপত ভেশ ধৰি কৰা ভেশচন প্ৰতিযোগিতাৰ অভিনয়ে বিহু অনুষ্ঠানৰ সামৰণি দিনটোক এক অনন্য মাত্ৰা প্ৰদান কৰে৷
আনহাতে কণমানিসকলৰ ভিতৰত অবিনাশ, নিবিড়, মিঠুৰ কাৰুকাৰ্যইও সকলোকে বিমুগ্ধ কৰি তোলে৷ প্ৰাঞ্জল বৰদলৈ আৰু বিজিত ডেকাই যুটীয়াভাৱে আঁত ধৰা ব’হাগ বিহু উপলক্ষে আয়োজিত এই ভেশচন প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে দৰা-কইনাৰ ৰূপত অৱতীৰ্ণ হোৱা পপী বৰা আৰু জ্যোৎস্না বৰদলৈয়ে সমবেত ৰাইজৰ ওচৰত অসমীয়া সমাজৰ নিয়মানুসৰি দৰা-কইনাই সমাজৰ আগত আঁঠু লোৱা সময়ত স্থানীয় প্ৰবীণ অনাতাঁৰ শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গম্ভীৰ নাথে নৱ দম্পতীদ্বয়ক দিয়া আশীৰ্বাদে সকলোকে মোহাচ্ছন্ন কৰি ভেশচন প্ৰতিযোগিতাখনিক বিশেষ মাত্ৰা প্ৰদান কৰে৷
প্ৰতিযোগিতাৰ অন্তত বিগত দিনত অনুষ্ঠিত হোৱা খেল-ধেমালিৰ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক অভিৰাম ডেকা, অমৰসিং ডেকা, অভিজিত নাথ, যশোদা ডেকা, ইভা বৰদলৈ, চুনুমণি ডেকা, বনশ্ৰী ডেকা, ৰূপালী বৰদলৈ, পম্পী ডেকা, শিৱানী ডেকাকে ধৰি বহুকেইগৰাকী সমাজকৰ্মী আৰু সচেতন মহিলাৰ দ্বাৰা বিজয়ী প্ৰতিযোগীসকলক বঁটা সমূহ বিতৰণ কৰা হয়৷
