ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ শিৱমন্দিৰত বিগত বৰ্ষৰ দৰে চলিতবৰ্ষতো ১ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি উৎসৱ উদযাপন কৰা হয় । শিৱৰাত্ৰি উৎসৱৰ প্ৰথম দিনা তথা ১ মাৰ্চৰ পুৱা ৬ বজাত ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাক্তন শিক্ষক তথা মধ্য নগাঁও ব্ৰাহ্মণ সমাজৰ সভাপতি গকুল চন্দ্ৰ শৰ্মাই । ইয়াৰ পাছতে পুৱা ৬:৩০ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন আৰু নিত্য নৈমত্তিক পূজাৰ লগতে শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ প্ৰতিষ্ঠাপক মহাপ্ৰভু শ্ৰীশ্ৰী বিশ্বম্ভৰ দেৱৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয় ৷
পৰৱৰ্তী সময়ত শ্বহীদ লোকনাথ শইকীয়াৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে সদৌ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মাই ৷ মনি গোস্বামীৰ নেতৃত্বত অঞ্চলৰ আয়তী সকলৰ দ্বাৰা জলযাত্ৰা অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত দিনৰ ১১:৩০ বজাৰ পৰা প্ৰয়াত কনক চন্দ্ৰ শইকীয়াৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দ’লৰ দ্বাৰা নিশা পৰ্যন্ত নাম প্ৰদৰ্শনৰ লগতে আৰতি আৰু মহা শিৱৰাত্ৰিৰ পূজা অনুষ্ঠিত হয় ৷ ২ মাৰ্চত পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমত্তিক পূজা আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানটোত দিনৰ ১১:৩০ বজাৰ পৰা প্ৰয়াত শান্তিৰাম বৰা আৰু চম্পা বৰাৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নিশা পৰ্যন্ত নাম পৰিবেশন হয় ৷

৩ মাৰ্চত পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমিত্তিক পুজাৰ লগতে দিনৰ ১০:৩০ বজাৰ পৰা প্ৰয়াত লুলুধৰ কলিতাৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিবেশন হোৱাৰ লগতে নিশা ৭:৩০ বজাত প্ৰয়াত নাট্য শিল্পী ৰমেশ শইকীয়া জিনু দেৱী,মালা মণি শইকীয়া,পুতুল বৰা আৰু কবিতা বৰাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ নিশা ৮ বজাত প্ৰয়াত মঞ্চ অভিনেত্ৰী কবিতা বৰাৰ সোঁৱৰণত নাট্যকাৰ মুনীন বৰুৱাৰ ৰচনা ” অজ্ঞাত বাস ” সামাজিক নাটক মঞ্চস্থ কৰা হয় ৷ উক্ত নাট্যনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক মৃণাল বৰাই আৰু মঞ্চ উদ্বোধন কৰে নাট্য কৰ্মী গোলাপ বৰাই ।
উক্ত নাট্য অনুষ্ঠানতে ব্ৰহ্মচাৰী সত্ৰৰ বিশিষ্ট সমাজসেৱক মহীকান্ত কলিতাক সম্বৰ্দ্ধনা জনোৱা হয় ৷ ৪ মাৰ্চত পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমত্তিক পুজা অনুষ্ঠিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত শ্ৰীশ্ৰী শিৱ গীতা পাঠ কৰা হয় ৷ লগতে দিনৰ ১২ বজাৰ পৰা ৬৫ বছৰৰ আগৰ “শিশু সন্মিলন আৰু সম্বৰ্দ্ধনা” অনুষ্ঠান অনুষ্ঠিত হয় ৷ টকেংশ্বৰ বৰা,ৰাজীৱ গোস্বামী আৰু প্ৰমোদ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ড০ অচুৎ আকাশ বৰা আৰু বিশিষ্ট অতিথি হিচাপে পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যুগল চন্দ্ৰ দেৱ গোস্বামী আৰু বৰ্তমানৰ সভাপতি পুলিন হাজৰিকা আৰু সম্পাদক দ্বীজেন্দ্ৰ মোহন শইকীয়া উপস্থিত থাকে। উক্ত অনুষ্ঠানটোত বিশিষ্ট সমাজসেৱক চন্দ্ৰ বৰঠাকুৰ,শিৱ মন্দিৰ পৰিচালনা সমিতিৰ দীৰ্ঘদিনৰ সভাপতি তথা সমাজসেৱক মাঘিৰাম শইকীয়া সাংস্কৃতিক কৰ্মী তথা সমাজ সেৱিকা ফুলমাই বৰা নামতী তথা সমাজ সেৱিকা ৰেণু দেৱী আৰু নাট্যকৰ্মী নৰেন শইকীয়াক গামোছা,মানপত্ৰ,চেলেং আদিৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

লগতে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰা অঞ্চলৰ অৰ্ধশতাধিক জেষ্ঠ সকলক গামোছাৰে আদৰণি জনোৱা হয় ৷ বিয়লি ৪ বজাৰ পৰা অঞ্চলৰ শিশু আৰু চেমনীয়া সকলৰ দ্বাৰা “কোনে কি জানে“ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয় ৷ নিশা ৮:৩০ বজাত উদীয়মান কন্ঠ শিল্পী তথা দ্ৰাম বাদক লক্ষ্যজ্যোতি শাণ্ডিল্যৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বিশিষ্ট সমাজসেৱক প্ৰয়াত মোহন চন্দ্ৰ শৰ্মাৰ স্মৃতি বন্তি প্ৰজ্বালন আৰু সাংস্কৃতিক মঞ্চৰ বন্তি প্ৰজ্বালন কৰে বিশিষ্ট সমাজসেৱক লেখক আৰু অসম গণ পৰিষদৰ দলৰ নগাঁও জিলাৰ সভাপতি মনিতমাধৱ মহন্তই ৷ উক্ত অনুষ্ঠানত সাংবাদিক দিগন্ত মহন্তকে ধৰি বহু কেইজনক আদৰণি জনোৱা হয় ৷

পৰৱৰ্তী সময়ত প্ৰয়াত বিশিষ্ট সমাজসেৱক তথা ব্ৰহ্মচাৰী সত্ৰৰ দীৰ্ঘদিনৰ সম্পাদক প্ৰয়াত মোহন চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ সাংস্কৃতিক অনুষ্ঠানটোত আমন্ত্ৰিত জনপ্ৰিয় কন্ঠ শিল্পী ভিতালী গগৈয়ে গীত পৰিবেশন কৰি অনুষ্ঠানটো সফল কৰি তোলে বুলি মহাশিৱৰাত্ৰিৰ উৎসৱ উদযাপন সমিতিৰ সম্পাদকদ্বয় প্ৰমোদ কুমাৰ শৰ্মা আৰু জয়ন্ত বৰঠাকুৰে জানিবলৈ দিয়ে ৷ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি উৎসৱত ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকি অনুষ্ঠান সমূহ সফল ৰূপায়ণ কৰাত শিৱৰাত্ৰি উৎসৱ উদযাপন সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰিছে ৷
