ঋতু পৰ্ণ শৰ্মা, নগাঁও: চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ বাবে নগাঁও জিলাৰ চামগুৰি তিনিআলিৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক এখন বৃহৎ আকাৰৰ শৰাই আৰু খোল-তাল, জাপিকে ধৰি বিভিন্ন সম্পদ চাৰিলেনযুক্ত পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলোৱাৰ পিছত স্থানীয় ৰাইজৰ লগতে সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত আজি নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্থানীয় বিধায়ক ৰকিবুল হুছেইন উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি বুজ লয় ৷
উল্লেখ্য যে চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্র হৈ পৰিছিল এখন বৃহৎ আকাৰৰ শৰাই, অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক ম’হৰ শিঙৰ পেঁপাৰ সৈতে খুতি তালৰ লগতে মহাপুৰুষ জনাৰ অমৰ সৃষ্টি ভোৰ তাল খোলৰ সৈতে এটা জাপি । কিন্তু অতি পৰিতাপৰ বিষয় সেয়া আজি ধ্বংস কৰিলে চাৰিলেনযুক্ত পথ নিৰ্মাণ কোম্পানীয়ে ।
চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামগুৰিক পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ অশ্বখুড়াকৃতিৰ পক্ষীতীৰ্থ চামগুৰি বিলৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উজনি-নামনিৰ পথাচাৰী তথা যাত্ৰীক আকৰ্ষণৰ বাবে ডাউন টাউন ফুড ক’ৰ্টৰ সন্মুখত এখন উদ্যান নিৰ্মাণ কৰিছিল ।
এটা সময়ত চামগুৰি বিলপাৰ সংযোগী এই পথটোৰ দাঁতিত এটা বৃহদাকাৰ খাৱৈ আছিল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এই খাৱৈত সঘন মটৰ দুৰ্ঘটনা সংঘটিত হৈ বহু কেইজনলোকে প্ৰাণ হেৰুওৱাব লগীয়া হৈছিল। সমষ্টি উন্নয়নৰ অংশ ৰূপে বন,পৰ্যটনৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰা ৰকিবুল হুছেইনে ঘাইপথৰ দাঁতিৰ এই খাৱৈটো পুতি ইয়াত এখন উদ্যান স্থাপন কৰিছিল ।
ৰংঘৰ আৰ্হিৰ এই উদ্যানখনৰ উজনিমুৱা মুখত এখন অসমীয়া বৃহদাকাৰ শৰাই প্ৰতিষ্ঠা কৰিছিল । লগতে নামনি মুৱা পৰ্যটকক আকৰ্ষণৰ বাবে এটা কংক্ৰিতৰ বৃহদাকাৰ জাপিৰ সৈতে ম’হৰ শিঙৰ পেঁপা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি খোল আৰু ভোৰ তাল সংলগ্ন কৰি স্থাপন কৰা এই ভাস্কৰ্যই চামগুৰিক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছিল । কেইবা লক্ষাধিক ৰাজহুৱা টকা ব্যয় কৰি নিৰ্মাণ কৰা জাপি আৰু শৰাইৰ সমাহাৰৰ এই উদ্যানখন দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ বিন্দু হৈ পৰিছিল ।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই উদ্যানখন মুকলি কৰিছিল। কিন্ত বৰ্তমান চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে এই উদ্যান খনৰ একাংশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰিছে । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ অজুহাতত চামগুৰিলৈ গৌৰৱ কঢ়িওৱা এই শৰাই আৰু জাপি এতিয়া পথ নিৰ্মাণ কোম্পানীয়ে জেচিবি লগাই ভাঙি পথৰ দাঁতিত পেলাই থৈছিল ।
শুক্ৰবাৰে বিয়লি কোনো জাতীয় সংগঠন অথবা কোনো সচেতন নাগৰিককে দৃষ্টি গোচৰ নকৰি এই সম্পদ সমূহ বিনষ্ট কৰাত শেহতীয়াকৈ চামগুৰি আঞ্চলিক ছাত্র সন্থাৰ লগতে সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ বিগত সময়ত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই চাৰিলেনযুক্ত পথ নিৰ্মাণ কোম্পানীৰ লগতে চামগুৰি ৰাজহ চক্ৰ বিষয়াকো এই সম্পদ সম্পদ সমূহ ধ্বংস নকৰি পুনঃ সংস্থাপনৰ বাবে দাবী জনাই আহিছিল যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি আছুৰ বিষয় ববীয়া সকলে অভিযোগ কৰে ।
মহাপুৰুষ জনাৰ কৃষ্টি সংস্কৃতিৰ আধাৰত নিৰ্মিত শৰাই,খোল,তাল সহিতে স্থাপন কৰা জাপি এইদৰে পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলোৱা কাৰ্যই অকল চামগুৰিবাসীকে অপমান কৰা নাই । মহাপুৰুষ জনাকো অপমান কৰিছে বুলি চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পথ নিৰ্মাণ কোম্পানীয়ে এই সম্পদ সমূহ পুনৰ নিৰ্মাণ কৰি চামগুৰিত স্থাপন কৰিব লাগিব বুলি দাবী জনায় ।
চামগুৰিৰ গৌৰৱ এই শৰাই-জাপি ক্ষেত্ৰত সকলো দল-সংগঠনক আগবাঢ়ি আহিবলৈ আছুৱে আহ্বান জনাইছিল। শৰাই- জাপিকে ধৰি বিভিন্ন সম্পদ পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলোৱাৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত স্থানীয় বিধায়ক ৰকিবুল হুছেইন আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা আজি উক্ত স্থানত পৃথকে পৃথকে উপস্থিত হয় ৷ স্থানীয় বিধায়ক ৰকিবুল হুছেইন উক্ত স্থানত উপস্থিত হৈ কয় যে যিহেতু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উক্ত সম্পদসমূহ ভাঙিলে । গতিকে এই সম্পদ সমূহ একে আৰ্হিত পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷ লগতে উক্ত সম্পদসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াব বুলি স্থানীয় বিধায়ক ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলোৱা উক্ত সম্পদ সমুহ পৰিদৰ্শন কৰি নগাঁও জিলা অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক সমূহ যিহেতু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলালে ৷ গতিকে সেই একে আৰ্হিত অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰে ৷ লগতে পথ নিৰ্মাণ কোম্পানীয়ে ভাঙি পেলোৱা শৰাই খন স্থানীয় ৰাইজৰ পৰামৰ্শ অনুসৰি কোনো গছৰ তলত ৰখা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷
আনহাতে আজি আবেলি স্থানীয় ৰাইজে ধৰ্মীয় ৰীতিনীতিৰ মাজেৰে উক্ত শৰাই খন বিসৰ্জন দিয়ে ৷ উল্লেখ্য যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত উক্ত শৰাই-জাপিকে ধৰি বিভিন্ন অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতীক সমূহৰ ক্ষতি পূৰণৰ হিচাপে এক কোটি পোন্ধৰ লাখৰ অধিক টকা জিলাৰ বিভাগীয়ত জমা হৈ আছে ৷ এনে ক্ষেত্ৰত উক্ত সম্পদ সমুহ ভাঙি নেপেলাই স্থানান্তৰিত কৰিব পাৰিলে হয় বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে ৷কাৰণ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে পুৰণিগুদাম নআলিমুৰত কিছুদিন পূৰ্বে অত্যাধুনিক কাৰুকাৰ্যৰে কুতুব মিনাৰ আৰ্হিৰ মিনাৰটো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল ৷ গতিকে চামগুৰিৰ এই সম্পদ কেইটাও বিভাগীয় ভাবে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰিলে হয় বুলি চামগুৰিৰ বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে মত প্ৰকাশ কৰিছে ৷
