নগাঁৱৰ গোমোঠাগাঁৱত ৯ বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

314

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত গোমোঠা গাঁৱত শনিবাৰে পুৱা প্ৰায় ৯ বজাত শামুক ভৰ্তি বস্তা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, স্থানীয় লোকে পুৱা বস্তাকেইটা প্ৰত‍্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্যৰ উপস্থিতিত শামুকখিনি কলং নৈত পেলাই দিয়ে। ৯ বস্তাকৈ লক্ষাধিক টকা মূল্যৰ শামুকখিনি কোনো চোৰাং ব‍্যৱসায়ীয়ে ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।

আগন্তুক দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চৌদিশে চলি থকা তালাচীৰ ভয়তে চোৰাং ব্যৱসায়ীয়ে উক্ত বস্তাসমূহ গোমোঠা গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে।