ৰাজ্যখনত ভয়াবহ হাৰত বৃদ্ধি পাইছে HIV সংক্ৰমণ। ছেপ্টেম্বৰত নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰৰ প্ৰায় ৮৫ জন কয়দীৰ স্বাস্থ্য পৰীক্ষাত HIV পজিটিভ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছে আতংকময় পৰিবেশৰ।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নগাঁও বিপি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড০ এল চি নাথে কয়, “এইচ আই ভি পজিটিভ পৰীক্ষা কৰা ৮৫ জন কয়দীৰ ভিতৰত ৪৫ জন বিশেষ কাৰাগাৰৰ আৰু ৪০ জন নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী।” আনহাতে আক্ৰান্ত আটাইকেইজন ড্ৰাগ-প্ৰেৰিত এইচ.আই.ভি. পজিটিভ বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে।
এক চৰকাৰী প্ৰতিবেদন অনুসৰি, ইয়াৰ পূৰ্বে অসামৰিক চিকিৎসালয়খনত কৰা মুঠ 88 জন লোকৰ দেহত এইচআইভি পজিটিভ ধৰা পৰিছিল।
বাতৰি অনুসৰি, বেছিভাগ এইচ.আই.ভি. পজিটিভ কয়েদীয়ে ড্ৰাগছৰ ডজ লোৱাৰ বাবে একেটা চিৰিঞ্জকে ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিততে HIV ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
