নগাঁও কচুৱাৰ ফলিহামাৰী ৰাধা নগৰত দুষ্প্ৰাপ্য হৰিণ উদ্ধাৰ ।
পশ্চিম কাৰ্বি আংলং জিলাৰ হাতীগড় পাহাৰৰ পৰা নামি আহিছিল হৰিণটো ।
শিশু কেইটামানহে হৰিণটো খেদি অনাত জলাশয়ত আবদ্ধ হয় হৰিণটো।
পাছত স্থানীয় লোকে উদ্ধাৰ কৰি খবৰ দিয়ে সাংবাদিক আৰু কামপুৰ বন বিভাগক ।
কামপুৰ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য হৰিণটো উদ্ধাৰ কৰি লৈ যায় ।