নগাঁৱৰ উধানতলাত ঘৰত প্ৰৱেশ কৰি যুৱকৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ

272

৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ দিনাই ধিঙৰ উধানতলাত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে।

ৱাহিদুৰ ইছলাম নামৰ এজন যুৱকৰ গুলীচালনা।

ৱাহিদুৰ ইছলামৰ গুলীত আহত ছামিম আখতাৰ নামৰ এজন যুৱক।

সংকটজনক অৱস্থাত গুলীবিদ্ধ ৱাহিদুৰক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে কিছুদিন পূৰ্বে ছামিমৰ ভাতৃক কোনো দুৰ্বৃত্তই হত্যা কৰিছিল।

জানিব পৰা মতে এখন বাইক তিনিজন যুৱক আহিছিল আৰু ৱাহিদুৰৰ ঘৰত সোমাই পৰিয়ালৰ লোকৰ সন্মুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ যায়।

মুৰ আৰু পেটত গুলী লাগিছে ৱাহিদুৰৰ।

কি কাৰণত যুৱকজনক গুলীয়ালে সেই কথা বৰ্তমানলৈকে জানিব পৰা নাই।

বাইকত অহা যুৱক তিনিজনৰ দুজনক পৰিয়ালৰ লোক সকলে চিনাক্ত কৰিছে।

ঘটনা সন্দৰ্ভত ডুমডুমীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷