নগাঁৱত ৩ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক

61

বেবেজীয়াঃ দেওবাৰে নিশা বটদ্ৰৱা আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিমলুআটি গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ পম খেদি নিশা আৰক্ষীয়ে যুটীয়াভাৱে অতৰ্কিত অভিযান চলাইছিল গাঁওখনত। এই অভিযানত ড্ৰাগচ ভৰ্তি ৯টাকৈ কন্টেনাৰ, ৪০টা কফ চিৰাপসহ আটক তিনি ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰে৷ আৰক্ষীয়ে আটক কৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে ইন্তাদুৰ ৰহমান, ছৰিফুল ইছলাম আৰু মজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। বৰ্তমানে বটদ্ৰৱা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে আটাইকেইজনকে।