নগাঁৱত ২৪ জুলাইৰ পৰা “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ প্ৰশিক্ষণ

343

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “গান্ধাৰ”ৰ উদ্যোগত অহা ২৪ জুলাইৰ পৰা ৩০ জুলাইলৈ সদৌ অসম অসমীয়া ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী) প্ৰশিক্ষণ-২০২২ৰ আয়োজন কৰা হৈছে।

নগাঁও চহৰৰ নতুন বজাৰৰ নগাঁও সংগীত শিল্পী মঞ্চগৃহত প্ৰতিদিনে বিয়লি ২বজাৰ পৰা ৬বজালৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি সভাপতি বিষ্ণুৰাম মেধি আৰু সম্পাদক প্ৰদীপ বৰাই জনাইছে।

১৬সংখ্যক প্ৰশিক্ষণত বিশিষ্ট সংগীত শিল্পী মৃণাল কান্তি মেধি,মুম্বাইৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী অনিন্দিতা পাল,মধুস্মিতা ভট্টাচাৰ্য আৰু খ্যাতনামা কণ্ঠশিল্পী নাহিদ আফ্ৰিনে প্ৰশিক্ষণ প্ৰদান কৰিব। ৩০জুলাইৰ সামৰণি অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হ’ব।

অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু তৰালী শৰ্মাকে প্ৰমুখ্য কৰি বহু কেইজন গণ্যমাণ্য উপস্থিত থাকিব । প্ৰশিক্ষণত যোগদান কৰিব বিচৰাসকলক ৮৮২২০৮০৯২২, ৮৬৩৮১৩৩১৪৪, ৯৩৬৫১০৫২৮৬ অথবা ৯১০১২৮২৬২৩১ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে জনাইছে।