নগাঁও জিলাৰ মহখুলিত ভূ মাফিয়াৰ আক্ৰমণত মহিলাসহ সাতজন লোক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, অঞ্চলটোৰ নিবাসী আব্দুল কাদিৰ, আব্দুল বাছিদ আৰু মতিবুৰ ৰহমান নামৰ তিনিজন লোকৰ পৰিয়ালত ভূ মাফিয়াই আক্ৰমণ চলায়।
এই আক্ৰমণত ৭ জন লোক গুৰুতৰভাৱে আহত হৈছে, যাৰ ভিতৰত তিনিগৰাকী মহিলা আছিল বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ জয়নাল আবেদিন নামৰ ভূ মাফিয়াজনৰ নিৰ্দেশত এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
আক্ৰমণটোত তীক্ষ্ণ অস্ত্ৰৰ ব্যৱহাৰে তিনিওটা পৰিয়ালৰ সদস্যসকলক গুৰুতৰ অৱস্থাত পেলাই আক্ৰমনকাৰীয়ে পলায়ন কৰে। পিছত স্থানীয় লোকে আহত কেইজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়।
