নগাঁৱত বৃদ্ধি পাইছে ড্ৰাগছৰ সংহাৰ

115

নগাঁও চহৰত যেনি তেনি ড্ৰাগছ সেৱন কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। আনকি ই ৰিক্সা চালকে ই ৰিক্সাত বহি ড্ৰাগছ সেৱন কৰি পৰিবেশ বিঘ্নিত কৰিছে।আজি চহৰখনৰ দক্ষিণ হয়বৰগাৱৰ আৰ আৰ বি পথৰ জনবসতিপুৰ্ণ এলেকাত ড্ৰাগছ সেৱন কৰি থকা কাৰ্যই সকলোকে উদ্বিগ্ন কৰি তুলিছে।পথটোৰ বি এচ এন এলৰ কাৰ্যালয়ৰ সমীপত ই ৰিক্সাত বহি ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত এজন চালকক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আটক কৰাৰ লগতে জব্দ কৰে ই ৰিক্সা খন । জব্দ কৃত ই ৰিক্সা খনৰ নাম্বাৰ AS 02 ER 9935 বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰে চালক জনক । আটকাধীন চালক জন পানীগাওঁ কচলুখোৱাৰ আৰিয়ান আলি ।