নগাঁৱত পুনৰ ভয়ংকৰ পথ দুর্ঘটনা

104

নগাঁৱৰ ৰঙাগড়াৰ বৰ্তমানৰ ১২৭ নং তথা পুৰনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।এজন স্কুটী আৰোহী গুৰুত্বৰ ভাৱে আহত।এখন ডাম্পাৰ আৰু এখন স্কুটীৰ মাজত সংঘৰ্ষৰ ফলত স্কুটী খন ডাম্পাৰৰ তলত সোমাই যায়।ভয়ংকৰ দুৰ্ঘটনা ঘটোৱা ডাম্পাৰ খনৰ চালকৰ জনৰ পৰা ৬০০ টকা লৈ এজন যুৱকে ড্ৰাইভাৰ জনক পলাই যোৱাত সহায় কৰিছিল। স্থানীয় ৰাইজে পলাই যোৱাত সহায় কৰা লোক জনৰ লগতে ডাম্পাৰ খন জব্দ কৰে।দুৰ্ঘটনাটোত আহত হোৱা যুৱক জন নগাঁৱৰে ৰূপহী চাইদৰীয়াৰ ইজাজুল ইছলাম বুলি জানিব পৰা হৈছে। দুৰ্ঘটনা স্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত দুৰ্ঘটনাত আহত লোকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।