নগাঁৱত নতুনকৈ সংযোজন “ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ”ৰ

251

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁৱৰ স্বাস্থ্যখণ্ডত শনিবাৰে নতুনকৈ সংযোজন হ’ল “ব্লাড কম্পনেন্ট চেপাৰচেন চেন্টাৰ”। নগাঁও জিলাৰ লগতে মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ চৰকাৰী চিকিৎসালয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত শনিবাৰৰ পৰা আৰম্ভ হৈছে “ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ”৷

এই ব্যৱস্থাৰ জৰিয়তে ৰোগীক তেজৰ যিটো উপসৰ্গ প্ৰয়োজন সেইটোকে প্ৰদান কৰাৰ সুবিধা উপলব্ধ হ’ব। ফলস্বৰূপে এগৰাকী ৰোগীক প্ৰয়োজনীয় তেজৰ উপৰ্সগ প্ৰদান কৰি অতিৰিক্ত তেজৰ উপৰ্সগ সুন্দৰকৈ জমা ৰাখিব পৰা যাব। ইয়াৰোপৰি ক’ভিড ৰোগীৰ আৰ টি পি চি আৰ পৰীক্ষাও সম্পন্ন কৰিব পৰা হ’ব নগাঁও অসামৰিক চিকিৎসালয়তে৷

ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ হ’বলগীয়া দুয়োটা সেৱা ৰাইজৰ বাবে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। “ব্লাড কম্পনেন্ট চেপাৰেচন চেন্টাৰ”সেৱা মুকলি অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ অৰূপজ্যোতি মহন্ত, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক এল চি নাথ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া-কৰ্মচাৰী, চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল উপস্থিত থাকে।