নগাঁৱত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত, আহত মহিলাসহ ৯জন

62

নগাঁৱৰ গড়াজানত ভূমিকেন্দ্ৰীক সংঘাতৰ পৰিণতিত ৯গৰাকীকৈ লোক গুৰুতৰ ভাৱে আহত হয়৷ এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত সংঘাতৰ ফলত আহত হয় দুয়ো ফৈদৰ মহিলাসহ ৯ জনকৈ লোক৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক। ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তিনিওজনকে নগাওঁ চহৰলৈ প্ৰেৰণ কৰা হৈছে৷

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি গড়াজান আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ফুটালজাৰত ভূমিক কেন্দ্ৰ কৰি শুকুৰ আলী আৰু নেকিবুৰ ৰহমান নামৰ দুট‍া ফৈদৰ মাজত সংঘাটৰ সৃষ্টি হয়৷ চোকা অস্ত্ৰৰে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰে৷ এই সংঘাতত আকতাৰা বেগম, কৰিমন নেছা, শগুৰ আলী, ৰিব্বুল হুছেইন, নুৰ নেহাৰ, নেকিবুৰ ৰহমান, মফিজ উদ্দিন, ৰিকবুল হুছেইন আৰু শুকুৰ আলী গুৰুতৰ ভাৱে আহত হয়।