নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

62

নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
ৰূপহীহাটৰ তেলিয়াচাপৰিত অভিযান চলাই দুটাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী ছাইফুল ইছলাম আৰু ইক্ৰামুল হকক।
আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ২৪.২৫ গ্ৰাম।আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক।