নগাঁৱত আৰক্ষীৰে সংঘৰ্ষত নিহত ড্ৰাগছ মাফিয়া

105

নগাঁও জিলাৰ চামগুৰিৰ গেৰুৱামুখত শনিবাৰে নিশা আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ সংঘৰ্ষত খাইৰুল ইছলাম নামৰ এজন ড্ৰাগছ মাফিয়া নিহত হয়। ইফালে ড্ৰাগছ মাফিয়া জনৰ আক্ৰমণত খাটোৱাল আৰক্ষী থানাৰ বিষয়া আলোক দত্ত গুপ্তা আৰু গাড়ীচালক উৎপল বৰুৱা আহত হয়।

জানিব পৰা মতে, নিশা খাটোৱাল আৰক্ষী থানাৰ এটা আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত ড্ৰাগছ মাফিয়া খাইৰুল ইছলামৰ বিৰুদ্ধে গেৰুৱামুখত অভিযান চলাইছিল। এই অভিযানকালত ড্ৰাগছ মাফিয়াজনে আৰক্ষীলৈ লক্ষ্য কৰি তৰোৱালেৰে আক্ৰমণ কৰাত আৰক্ষী বিষয়া আলোক দত্ত গুপ্তা আহত হয়। আনহাতে ড্ৰাগছ মাফিয়াজনৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি আৰক্ষীয়েও গুলীবৰ্ষণ কৰাত নিহত হয় ড্ৰাগছ মাফিয়া খাইৰুল ইছলাম। এই গুলীয়াগুলিতে আহত হয় আৰক্ষীৰ গড়ীচালক উৎপল বৰুৱাও। আহত দুয়োগৰাকীকে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, যোৱা নিশা আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী খাইৰুল ইছলাম নিহত হোৱাক কেন্দ্ৰ কৰি খাটোৱালৰ গেৰুৱামুখত চেপা উত্তেজনাই বিৰাজ কৰিছে। নিহত খাইৰুলৰ পৰিয়ালৰ লোকে আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপন কৰিছে।