নগাঁৱত এতিয়া অপৰাধীৰ বাবে আতংকৰ আন এটা নাম হৈ পৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। নগাঁওলৈ বদলি হৈ আহিয়েই অপৰাধীক নাকী লগাবলৈ উঠিপৰি লাগিছে আনন্দ মিশ্ৰ। বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত বিভিন্ন জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি নিজৰ স্থিতি স্পষ্ট কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ আনন্দ মিশ্ৰৰ। লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। আনন্দ মিশ্ৰই কৰায়ত্ত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁৱৰ বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছ নেতা আব্দুল বাছেট ওৰফে ইফুৰ বিৰুদ্ধেও। অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী। উল্লেখযোগ্য যে, ইফুক বিচাৰি নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া।