নগাঁও মহাবিদ্যালয়ক তৃতীয়বাৰৰ বাবে ‘নাক’ৰ “এ গ্ৰেড”

134

ঋতু পৰ্ণ শৰ্মা, নগাঁও : বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২০বৰ্ষৰ ডিচেম্বৰ মাহত অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে খ্যাত “নগাঁও মহাবিদ্যালয়”ক “স্বায়ত্তশাসিত মহাবিদ্যালয়” হিচাপে মৰ্যাদা প্ৰদান কৰাৰ পিচত ক্ৰমাগত দ্বিতীয়টো সফলতাৰ খবৰে নগাঁও জিলাৰ লগতে সমগ্ৰ অসমতে আনন্দৰ সৃষ্টি কৰিছে ।

ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা “স্বায়ত্তশাসিত মহাবিদ্যালয়” হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বাংগালোৰৰ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে (নাক) মহাবিদ্যালয় খনক এক পত্ৰ যোগে পূৰ্বৰ “এ গ্ৰেড” আৰু চি জি পি এ (৩.২৭) ২০২৫বৰ্ষৰ ডিচেম্বৰ বাহাল ৰখাৰ কথা জানিবলৈ দিছে ।

উল্লেখযোগ্য যে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ “এ গ্ৰেড”ৰে ধাৰাবাহিকতা ৰক্ষা কৰা মহাবিদ্যালয়খন ৩.২৭ চি জি পি এৰে সৈতে বৰ্তমানলৈ ‘নাক’ৰ সৰ্বোচ্চ গ্ৰেড লাভ কৰা অসমৰ ভিতৰতে প্ৰথমখন মহাবিদ্যালয় । মহাবিদ্যালয়ৰ এই ধাৰা অব্যাহত থকাৰ বাবে অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে এই কৃতিত্ব শিক্ষা বিভাগৰ লগতে সমূহ অধ্যাপিকা- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীৰ বুলি মত প্ৰকাশ কৰে ।

অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সংবাদ মাধ্যমক মত প্ৰকাশ কৰি কয় যে এতিয়াৰ পৰা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ দায়িত্ব আৰু কৰ্তব্য অধিক বৃদ্ধি পালে । মহাবিদ্যালয়ৰ অবিচ্ছেদ্য অংগ অধ্যাপক-অধ্যাপিকা অধিক উৎফুল্লিত হৈ মন্তব্য কৰি কয় যে এই ধাৰা আমি অব্যাহত ৰাখিবৰ বাবে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব । এই সন্দৰ্ভত ‘নাক’ৰ সঞ্চালকৰ পৰা চিঠি পোৱাৰ পিচত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক মিহিৰকান্তি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক মণ্ডলী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক তথা সমূহ শুভাকাংক্ষীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে সন্তোষ প্ৰকাশ কৰিছে বুলি নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভূবন চন্দ্ৰ চুতীয়াই জনাইছে । উল্লেখ্য যে ১৯৪৪ চনত নগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল ।