নগাঁও বাইপাছত নিশা ডকাইতৰ গুলিচালনাত এজন ব্যক্তি আহত হোৱাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নিশা গুৱাহাটী বৰাগাঁৱৰ পৰা হাফলঙৰ অভিমুখে অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ চাৰ্ভিছৰ AS 25EC 6515 নম্বৰৰ বাহনখন নগাঁও বাইপাছত আগভেটি ধৰি এটা ১২ জনীয়া ডকাইতৰ দলে ধন দাবী কৰে চালক সুমন আৰু আন এজন ব্যক্তি হৰ্ষজিত দাসৰ পৰা।
ডকাইতৰ দলটোৱে প্ৰথমে বাহন চালকজনৰ পৰা মানিবেগ আৰু অন্য সা-সমগ্রী কাঢ়ি লোৱাৰ পিছত পুনৰ টকাৰ দাবী কৰে। কিন্তু চালক সুমনে লগত আৰু টকা নাই বুলি কোৱাত ডকাইতৰ দলটোৱে গুলিচালনা কৰে। যাৰ ফলত ডিঙিত আঘাত পায় সুমনে।
পিছত গুলিবিদ্ধ সুমনক প্ৰথমে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ডকাইতৰ আক্ৰমণত আহত বাহন চালক সুমনৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে।
ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও ডকাইতৰ দলটো এতিয়াও চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।