নগাঁও জিলা পুথিভড়াঁলৰ চোতালত এজাক শিশুৰ ধেমালি, শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ “ডাইন’ছৰৰ আতংক” শিশুগ্ৰন্থ উন্মোচন

160

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ”শিশুসকলৰ শৈশৱটো আমি বেদখল কৰিছোঁ৷ ফুলৰ দৰে সুকোমল মনৰ শিশুসকলক আমি যেন তেওঁলোকৰ সোণালী শৈশৱটোক অনধিকাৰ জোৰ জৱৰদস্তি কৰি বান্ধোনত ৰাখিছোঁ৷ মুকলি আকাশৰ তলত মুকলি মনেৰে বিচৰণ কৰাৰ পৰা শিশু সকলক বঞ্চিত কৰি ৰাখিলেও আজি এই শিশুসকলেই প্ৰমাণ কৰিলে তেওঁলোকৰ সৃষ্টিশীল মনৰ অপাৰ সৌন্দৰ্যৰ কথা৷” -এই মন্তব্য অসমৰ বিশিষ্ট শিশু সাহিত্যিক নূপুৰ মোমাইদেউৰ।

ৰবিবাৰে নগাঁও জিলা পুথিভঁৰালৰ সন্মুখৰ চোতালত পুৱাই সমবেত হোৱা এজাক শিশুৰ মাজত অনুষ্ঠিত ছবি অঁকা, ছবিত ৰং সনা, গীত গোৱা, কবিতা আবৃত্তি, নৃত্য পৰিৱেশনৰ দৰে এক আকৰ্ষণীয় অনুষ্ঠানৰে অনুষ্ঠিত হয় “চোতালে চোতালে অকণিৰ মেল” শীৰ্ষক অনুষ্ঠানটি। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সমবেত হোৱা শিশুসকলৰ ভিতৰত অনাবিল আনন্দ ভৰদ্বাজ, ভায়োলিনা শৰ্মা, ভাস্কৰজ্যোতি বৰা, অৰ্কাণু শৰ্মা, বিচ্যুতি বৰুৱা, স্তুতিনন্দা শইকীয়াৰ উপৰি প্ৰায় পোন্ধৰজন শিশুৰ মুখত বিচ্যুৰিত হোৱা কবিতাৰ মধুৰ গুঞ্জনৰ বিপৰীতে বিস্তীৰ্ণ বৰা, গীতিশা বৰা, গাৰ্গী মল্লিকৰ কণ্ঠত মুখৰিত হোৱা গীতৰ উপৰি হিয়াৰাণী বৰাই পৰিৱেশন কৰা নাগাৰাৰ অপূৰ্ব শব্দধ্বনিত সমবেত সকলোৰে মনাকাশ উজলাই তুলিবলৈ সক্ষম হয়৷

এনে এটি গাম্ভীৰ্যপূৰ্ণ মধুৰ মুহুৰ্ততে “নিয়মীয়া বাৰ্তা” কাকতৰ নগাঁও জিলাৰ বেবেজীয়াৰ সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে অসম চৰকাৰৰ পৰা ইতিমধ্যে লাভ কৰা “One Time Grant For Media Personality” বঁটাৰ বাবে বৰদলৈক অনুষ্ঠানৰ তৰফৰ পৰা শিশু সাহিত্যিক নূপুৰ মোমাইদেউৱে ফুলাম গামোচাৰে মৰম আৰু অভিনন্দন যাঁচে৷ অকণি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক বিশিষ্ট শিশু সাহিত্যিক দুলাল বৰাই পৰিচালনা কৰা আৰু অভিনেতা বিৰিঞ্চি বৰা, সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে যুটীয়া ভাৱে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য, চিত্ৰশিল্পী ভাস্কৰজ্যোতি মহন্ত, প্ৰবীণ কবি অশোকৰাম ভট্টাচাৰ্য, পৱন শৰ্মা, হেমন্ত শইকীয়া, হাচিনা মমতাজ, প্ৰাঞ্জল ভট্টাচাৰ্য, শেৱালি শৰ্মা, দেৱ বৰা, ৰূপা ভট্টাচাৰ্য প্ৰমুখ্যে গণ্য-মান্য লোকসকল উপস্থিত থাকি মনৰ অনুভৱ প্ৰকাশ কৰে।

অনুষ্ঠানটিত অভিনেতা বিৰিঞ্চি বৰাৰ উপৰি শিশুসকলে নূপুৰ মোমাইদেউ অৰ্থাৎ ত্ৰৈলোক্য ভট্টাচাৰ্যৰ ”ডাইন’ছৰৰ আতংক’’ শীৰ্ষক শিশু উপযোগী গ্ৰন্থখন উন্মোচন কৰা হয়৷