ঋতু পৰ্ণ শৰ্মা, নগাঁও: ৭ অক্টোবৰ নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত বুধবাৰে নাগৰিকৰ সাংবিধানিক প্ৰদত্ত অধিকাৰৰ সম্পৰ্কে এখন প্ৰচাৰ পত্ৰিকা (হৰ্ডিং) উন্মোচন কৰা হয় । নগাঁও সদৰ থানাত পুৱা ৯.৩০ বজাত প্ৰচাৰ পত্ৰিকাখন উন্মোচন কৰি জিলা আৰু সত্ৰ ন্যায়াধীশ ইন্দিৰা বৰ্মণে নাগৰিকৰ কিছু সাংবিধানিক প্ৰদত্ত অধিকাৰৰ ওপৰত আলোকপাত কৰে । জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদক মৃণাল নেওপানেয়ে আঁতধৰা অনুষ্ঠানটিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (দ্বিতীয়), নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰা আৰু আৰক্ষী বিষয়া সকল উপস্থিত থাকে।
ইপিনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বেবেজীয়াত এটি বিনামূলীয়া আইন সেৱা শিবিৰ অনুষ্ঠিত হয় । বেবেজীয়া-ডিমৌ- বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সভাপতি দিগন্ত কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদক মৃণাল নেওপানেয়ে নাগৰিকৰ গোচৰ সমূহ নিষ্পত্তি কৰাত আৰু কিছুমান বিষয়ৰ গোচৰ নতুনকৈ তৰাত বিনামূলীয়া আইনী সাহায্যৰ সুবিধা কেনেকৈ ল’ব পাৰি তাৰ বিষয়ে ৰাইজক অৱগত কৰে ।
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত কৰা অনুষ্ঠানটিত বেবেজীয়া আৰক্ষী পহৰা চকীৰ উপ আৰক্ষী বিষয়া ঘনকান্ত বৰা, বেবেজীয়া গাঁৱৰ গাঁওবুঢ়া বিতুল কাকতিৰ লগতে পঞ্চায়তৰ বিষয়-ববীয়া আৰু অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক পংকজ শৰ্মা আৰু জোতিস্মিতা ভূঞা আদি উপস্থিত থাকে ।