ঋতুপৰ্ণ শৰ্মা, নগাঁও- নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱতী এলেকাত আজিও বতাহ-বৰষুণ অব্যাহত আছে। যোৱা নিশা হোৱা প্ৰৱল ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। নিশা প্ৰায় ৯ বজাত আৰম্ভ হোৱা ধুমুহা-বৰষুণৰ লগতে হোৱা শিলাবৃষ্টিৰ ফলত চহৰবাসীৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰে।
চহৰখনৰ আমোলাপট্টি, শিৱনগৰ, ডিমৰুগুৰি, মাজৰআটি, চকীটুপ, খ্ৰীষ্টানপট্টি, ফৌজদাৰীপট্টি, বৈদ্যটুপ, পানীগাঁও আদি অঞ্চলৰ লগতে বহু ঠাইত ধুমুহাই গছ-গছনি, ঘৰৰ মুধচ এৰুৱাই ব্যাপক ক্ষতি সাধন কৰে। ডিমৰুগুৰিত গছ ভাঙি ৩৭ নং ৰাষ্ট্ৰীয় পথত পৰাৰ ফলত বহু সময় ধৰি যান বাহনৰ চলাচল ব্যাহত হৈ পৰে।
আনহাতে কপিলী নাৰ্ছিং হ’মৰ সন্মুখত ৰৈ থকা এখন বাহনত গছ পৰি ক্ষতি সাধন হয় বাহনখনৰ ভিতৰত মানুহ নথকাৰ বাবে কোনো লোক হতাহত নহ’ল। জানিব পৰা মতে বৈদ্যটুপ অঞ্চলত বড়ো উপাধিৰ এজন লোকৰ গাত বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলত লোকজন গুৰুতৰ ভাৱে আহত হয়। আহত লোক জনক লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত নিশায়েই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

আনহাতে ধুমুহাত চহৰখনৰ লগতে বিভিন্ন অঞ্চলত গছ ভাঙি পৰাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ফলত কালি নিশাৰে পৰা নগাঁও চহৰ ভিন্ন প্ৰান্ত অন্ধকাৰত ডুব যায়। নগাঁও চহৰৰ শিৱনগৰ অঞ্চলত শ্মশানঘাট শিৱ মন্দিৰৰ সমীপত কমলাদেৱী যক্ষ্মা চিকিৎসালয় চৌহদৰ দুডালকৈ বৃহৎ গছ ধুমুহাত ভাগি ছয় আলি-শিৱনগৰ পথৰ ওপৰত পৰাত পথটোৰে যাতায়ত ব্যাহত হৈ পৰাৰ লগতে বিদ্যুতৰ খুঁটা আদি ভাগি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।
বিয়লি পৰ্যন্ত বিদ্যুৎ বিভাগৰ লোকে অঞ্চলটোত ভাগি যোৱা খুঁটা, তাঁৰ আদিৰ মেৰামতি নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয়। ইপিনে শিৱনগৰৰ কলঙৰ মথাউৰিত এদাল বৃহৎ বৰগছ ধুমুহাত উভালি পানীত পৰি যায়। গছডাল উভালি যোৱাত মথাউৰিটোৰ এটা অংশৰ ক্ষতিসাধন হয়। আনহাতে মথাউৰিটোত বসবাস কৰা মহিলা পাছোৱান নামৰ লোকজনৰ ঘৰটো ধুমুহাত সম্পূৰ্ণৰূপে ভাগি যায়।

ইপিনে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ম’হখুলিৰ নগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ সমীপত এডাল বৃহৎ গছ ধুমুহাত ভাগি পৰে। ইপিনে আজিৰ পুৱাৰ ভাগৰ অহা এই বতাহ-ধুমুহাৰ ফলত নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীযুজোৱা আটুৱাটিকা প্ৰাথমিক বিদ্যালয়ৰ মূল ভৱনটিৰ লগতে দুটাকৈ কোঠা সম্পূৰ্ণকৈ বিধস্ত হয়। অবশ্যে এই ঘটনাৰ সময়ত বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীৰ কোনো ক্ষতি হোৱা নাই যদিও বৰ্তমান বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ পুনৰ নিৰ্মাণ নোহোৱা পৰ্যন্ত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকল পাঠদান কৰাত অসুবিধাৰ সন্মুখীন হৈছে। পুৱাৰ এই বতাহ-ধুমুহাৰ ফলত ঘাঁহী, বেবেজীয়া, জামুগুৰি, নমাটি, জাজৰি, হাতীচোং, চকলাঘাট, কাছমাৰী, দক্ষিণপাট অঞ্চলৰ বহু বাসগৃহ, গোহালি, পাকঘৰ আদিৰ বিস্তৰ ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে।
