ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বান পৰিস্থিতি আজিও ভয়াৱহ হৈয়ে আছে। জিলাখনৰ কলং, কপিলী, বৰপানী নৈৰ লগতে কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাত জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
বিশেষকৈ বিগত তিনিদিন ধৰি কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত কলংপৰীয়া অঞ্চলৰ বান পৰিস্থিতি বিপদজনক হৈ পৰিছে। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈয়ে নগাঁও চহৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে কলং নৈৰ বাঢ়নী পানীয়ে চহৰখনৰ শিৱনগৰ কলংপাৰ পথ, লাওখোৱা পথৰ একাংশ, চকীটুপ, বৈদ্যটুপ, আমিনপট্টি, ফৌজদাৰীপট্টি, মিলনপুৰ, ভূঞাপট্টি, দক্ষিণ হয়বৰগাঁও, মধুপুৰ, আমোলাপট্টিৰ লগতে চহৰখনৰ দাঁতিকাষৰীয়া শিয়ালমাৰী, টাউন তেলিয়াগাঁও, বেঙেনাআটি, ননৈ, বৰঘাট, পানীখাতী, জলাহ আৰু খুটিকটীয়াৰ একাংশকে ধৰি বহু এলেকা প্লাৱিত কৰিছে।
চহৰখনৰ আমোলাপট্টি শ্মশান ঘাটৰ ওচৰৰ কলং নৈৰ মথাউৰিৰ ওপৰৰে পানী বাগৰিছে। জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি আজি বিয়লি কলং নৈ বিপদসীমাৰ ১.৯১ মিটাৰ ওপৰৰে বৈ আছে। একেদৰে ৰহাত কলং নৈ বিপদসীমাৰ ২.১৩ মিটাৰ ওপৰৰে বৈ আছে। কামপুৰত কপিলী নৈৰ বিপদসীমাৰ ১.৪৮ মিটাৰ ওপৰৰে বৈ আছে। শিলঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ৪মিটাৰ ওপৰৰে বৈ আছে।
অৱশ্যে শিলঘাট, ৰহা, কামপুৰত নদীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে। কলঙৰ জলপৃষ্ঠ প্ৰতিদিনে নগাঁও চহৰত বৃদ্ধি হৈ থকাত নগাঁও চহৰবাসী শংকিত হৈ পৰিছে। কপিলী, হাৰিয়া, নিশাৰী, বৰপানী নৈৰ বানপানীয়ে নগাঁও সদৰ, কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বান অধিক জটিল কৰি তুলিছে।
নগাঁও জিলা দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা তথ্য অনুসৰি জিলাখনত ৩০৬খন গাঁও বানপানীৰ কৱলত পৰিছে। ইপিনে বান পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নগাঁও, ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে।
