নগাঁও চহৰত হ্ৰাস হোৱা নাই অপৰাধজনিত কার্যকলাপ

95

নগাঁও চহৰত হ্ৰাস হোৱা নাই অপৰাধজনিত কাৰ্যকলাপ । গৃহস্থ নথকাৰ সুযোগ লৈ নগাঁও চহৰৰ আমোলাপট্টিত পুনৰ চোৰে লুটিলে বহু লক্ষাধিক টকাৰ সম্পত্তি। আমোলাপট্টিৰ প্ৰশান্ত কুমাৰ বৰাৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড।জানিব পৰা মতে, প্ৰশান্ত কুমাৰ বৰাৰ পৰিয়ালটো চিকিৎসাৰ বাবে গুৱাহাটীলৈ দুদিনৰ বাবে গৈছিল। প্ৰশান্ত কুমাৰ বৰাৰ পৰিয়ালটো ঘৰত নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে ঘৰত লুট-পাট চলাই প্ৰায় ৩ লাখ টকাৰ সোণৰ গহণা আৰু নগদ ৮০ হাজাৰ টকা লুট কৰি লৈ যায়।